গছ থাকিলেহে মানুহ থাকিব । এই শ্ল’গানৰ প্ৰতি বিশ্বাস ৰাখিয়েই নলবাৰীত একেদিনাই ৰোপণ কৰা হ’ল দুশ গছপুলি । বিভিন্ন ধৰণৰ গছ ৰোপণৰ জৰিয়তে সেউজকৰণৰ ক্ষেত্ৰত এক সুন্দৰ বাৰ্তা প্ৰদান কৰিছে স্বদেশী জাগৰণ মঞ্চৰ উত্তৰ অসম প্ৰান্তই ।
প্ৰকৃতিখন চিৰসেউজ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আছে । সেই দায়িত্বৰ বাবেই দেওবাৰে নলবাৰী জিলাত সেউজ বাৰ্তা প্ৰদান কৰিলে স্বদেশী জাগৰণ মঞ্চৰ উত্তৰ অসম প্ৰান্তই । নলবাৰী জিলাৰ বকুৱাজাৰী গাঁৱত ৰোপণ কৰা হয় দুশ মূল্যবান গছপুলি ।স্বদেশী জাগৰণ মঞ্চ , উত্তৰ অসম প্ৰান্তৰ তৰফৰ পৰা লোৱা এই বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে নলবাৰীৰ বকুৱাজাৰীৰ সৈন্নাসীৰ থানত ৰোপণ কৰা হয় শতাধিক গছপুলি । ইয়াৰ লগতে সৈন্নাসীৰ থানলৈ সোমাই অহা পথছোৱাৰ দুয়োকাষে শোভাবৰ্ধনৰ বাবে বিভিন্ন ফলমূলৰ গছ, মূল্যবান গছপুলিৰ লগতে ৰাজহুৱা শ্মশানতো গছপুলি ৰোপণ কৰা হয় ।
এই কাৰ্যসূচীত স্থানীয় যুৱকসকলৰ উপৰিও স্বদেশী জাগৰণ মঞ্চ, উত্তৰ অসম প্ৰান্তৰ সহঃ সংযোজক অমল বৈশ্যৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী জিলাৰ বানেকুছি খণ্ডৰ প্ৰচাৰ প্ৰমুখ পিংকু বৈশ্যৰ আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি, স্থানীয় যুৱক-সংবাদকৰ্মী উপস্থিত থাকে ।শাওণ মাহৰ প্ৰাকক্ষণত আৰু গুৰু পূৰ্ণিমা উৎসৱৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী হাতত লোৱা বুলি সদৰী কৰে স্বদেশী জাগৰণ মঞ্চৰ সহঃ সংযোজক অমল বৈশ্যই । ৰাজ্য চৰকাৰৰ সামাজিক বননীকৰণ বিভাগৰ পৰা লাভ কৰা দুশ মূল্যবান গছপুলি স্থানীয় যুৱছামৰ প্ৰচেষ্টাত ৰোপণ কৰা হয় ।
কেৱল গছপুলি ৰোপণ কৰাই নহয় , গছপুলিসমূহ সংৰক্ষণৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে স্বদেশী জাগৰণ মঞ্চই । ভবিষ্যৎ প্ৰজন্মই যাতে এটা সুন্দৰ চিৰসেউজ পৰিৱেশ লাভ কৰিব পাৰে তাৰ ক্ষেত্ৰতো এই ধৰণৰ বৃক্ষৰোপণ কাৰ্যসূচী সহায়ক হ’ব ।
নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী পৰ্যায়ত এইধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব স্বদেশী জাগৰণ মঞ্চৰ উত্তৰ অসম প্ৰান্তই ।
