কৰ্কট ৰোগৰ জ’নত পৰিণত হৈছে গহপুৰৰ এটা অঞ্চল। বিগত দহ বছৰত কৰ্কট ৰোগত আক্রান্ত হৈ ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। অঞ্চলটোৰ দুই তিনি ঘৰৰ অন্তৰে অন্তৰে বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে প্ৰায় দুই শতাধিক লোক।
গহপুৰ মহকুমাৰ হেলেম মৌজাৰ এলেকাধীন এই অঞ্চলটো ‘‘গমিৰি’’ নামেৰে পৰিচিত। নেপালী জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান অঞ্চল হিচাপে চিহ্নিত মহাবাহু ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বৃহত্তৰ গমিৰি অঞ্চলটো পৰিণত হৈছে কৰ্কট ৰোগৰ জ’নলৈ। বেবেজীয়া, বাৰতীগুৰী, গধৰীয়া পথাৰ, গধৰীয়া বস্তি, নেপালী পথাৰ, শান্তিপুৰ, দীঘলী পথাৰ, মিৰি পথাৰ, ভোলা চেণ্টাৰ, পুৰণা বুৰৈকে ধৰি একাধিক গাওঁৰ সংমিশ্ৰণেৰে গঠিত বৃহত্তৰ অঞ্চলটোত কৰ্কট ৰোগত আক্ৰান্ত হৈ যোৱা প্ৰায় ১০ বছৰৰ ভিতৰত প্ৰায় তিনিশ জন লোকৰ অকাল মৃত্যু হৈছে। ইয়াৰ লগতে বৰ্তমান দুশৰো অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
এই তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে গমিৰি অঞ্চলৰ বহুকেইজন সমাজ সচেতন আৰু ভুক্তভোগী লোকে। ইয়াৰে একাধিক কৰ্কট ৰোগী ঘৰতে শৰ্যাগত হৈ জীৱন-মৃত্যুৰে যুঁজিবলগীয়া হৈছে। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগ হোৱা এটা স্পৰ্শকাতৰ অঞ্চলত পৰিণত হোৱা গমিৰি অঞ্চলত যোৱা প্ৰায় পাঁচ বছৰৰ পৰা যথেষ্ট হাৰত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত এতিয়া জীৱনৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ প্ৰতিটো পৰিয়াল।উল্লেখনীয় যে, পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে কম বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বহু লোকৰ। দুই তিনিঘৰৰ অন্তৰে অন্তৰে পৰিয়ালসমূহৰ ঘৰত কৰ্কট ৰোগী থকাটো এতিয়া তেনেই সাধাৰণ দৃশ্য হৈ পৰিছে অঞ্চলটোৰ বাবে। গমিৰি অঞ্চলটোত দেখা দিয়া এই কৰ্কট ৰোগৰ মূল কাৰণ আৰ্ছেনিকযুক্ত পানী বুলি বহুতেই কৈ আহিছে যদিও এইক্ষেত্ৰত নিমাত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ।
ৰাইজে কৰা অভিযোগ অনুসৰি, বিগত দুই তিনিবছৰ পূৰ্বে পানীৰ নমুনা পৰীক্ষা কৰোতেও অঞ্চলটোৰ পানীত আৰ্ছেনিকৰ ভয়াবহতা ধৰা পৰিছিল যদিও পৰবৰ্তী সময়ত এই ভয়াবহতা দূৰীকৰণৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে চৰকাৰী পক্ষই। ইয়াৰ ফলতেই এতিয়া ইজনৰ পিছত সিজন লোক এই ৰোগত আক্ৰান্ত হৈ অহা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। বৰ্তমান অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু স্বাস্থ্য বিভাগে আজিলৈকে এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে, গমিৰি অঞ্চলৰ গৰিষ্ঠ সংখ্যক লোক কৃষি-কৰ্মৰ লগত জড়িত। কৃষি কৰ্মৰ জৰিয়তে সাধাৰণভাবে জীৱন যাপন কৰি অহা মধ্যবিত্ত শ্ৰেণীৰ ভুক্তভোগী পৰিয়ালসমূহে তেনে ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত চৰম আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে অঞ্চলটোৰ বহু কৰ্কট ৰোগীয়ে চিকিৎসা অবিহনে ঘৰতে মৃত্যুক সাৱটিবলগীয়া হৈ আহিছে। ইপিনে চিকিৎসা ব্যয়ত সৰ্বস্বান্ত হৈ অঞ্চলটোৰ বহু পৰিয়ালৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ।
বৃহত্তৰ গমিৰি অঞ্চলৰ ৰাইজে চৰকাৰ আৰু প্ৰশাসনক সংবাদ মাধ্যমযোগে আহ্বান জনাই কয় যে চৰকাৰৰ সংশ্লিষ্ট বিভাগে বিজ্ঞান সন্মতভাবে গৱেষণা কৰি অঞ্চলটোক কৰ্কট ৰোগৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰো যথেষ্ট কৰণীয় আছে বুলি অঞ্চলবাসীয়ে মন্তব্য কৰে।
