অসমীয়াত কথা কোৱা বাবে হোটেল কৰ্মচাৰীক মাৰপিট এদল যুৱকৰ


 

অসমীয়াত কথা কোৱাৰ ফলতেই নিশা মহানগৰীত দুৰ্বাদল মাৰপিটৰ ঘটনা সংঘটিত হয়। শনিবাৰৰ নিশা ১ বাজি ৩০ মিনিটত খ্ৰীষ্টানবস্তিত থকা বাৰ্বী হোটেল এণ্ড ফাষ্টফুডত এই ঘটনা ঘটে।

জানিব পৰা মতে, এখন মহিন্দ্ৰা থাৰ বাহনেৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে বাৰ্বী হোটেল এণ্ড ফাষ্ট ফুডত ৫ জন যুৱক ৰৈছিল। অভিযোগ অনুসৰি, সুৰামত্ত অৱস্থাত থকা যুৱককেইজনে হোটেলৰ কৰ্মচাৰীয়ে কেৱল মাত্ৰ অসমীয়াত কথা পতাৰ বাবে তেওঁলোকক প্ৰথমে মাৰধৰ কৰে

এই মাৰপিট দেখি হোটেলখনত উপস্থিত থকা বহুসংখ্যক লোকে যুৱককেইজনক বাধা প্ৰদান কৰে যদিও সিহঁতে ওলোটাই উপস্থিত ৰাইজক দাবী ধমকি দিয়াত উত্তেজিত ৰাইজে আটাইকেইটাকে উত্তম-মধ্যম দিয়াৰ লগতে মহিন্দ্ৰা থাৰ বাহনখনো ভাঙি দিয়ে বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক ৫ জনৰ তিনিজনক দিছপুৰ থানালৈ লৈ যায় যদিও বাকী দুজন যুৱকে পলায়ন কৰে।

Post a Comment

Previous Post Next Post