কেনে আছে চিকিৎসক দম্পতীৰ দ্বাৰা নিৰ্যাতিত দুই শিশু?



 কেনে আছে চিকিৎসক দম্পতীৰ দ্বাৰা নিৰ্যাতিত দুই শিশু? দুঃসময়ৰ দিনবোৰ পাহৰিছে নে বাৰু শিশু দুটিয়ে? শিশুগৃহত এদিন দুদিনকৈ প্ৰায় ৭০ টা দিন পাৰ কৰিলে দুই শিশুৱে। শিশুগৃহত প্ৰায় ১০ সপ্তাহ পাৰ কৰিলে ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ তুলনীয়া দুই সন্তানে। চিকিৎসক দম্পতি বৰ্তমান জেলত থকাৰ সময়ছোৱাত চিকিৎসক দম্পতিৰ পৰা সঘনাই নিৰ্যাতনৰ বলি হোৱা কণমানি শিশু দুটিয়ে খেলি-ধূলি পাৰ কৰিছে সময়। নিৰ্মম অত্যাচাৰৰ কথা পাহৰি নতুন জীৱন আৰম্ভ কৰিছে দুই শিশুয়ে।

দুয়োটি শিশুকে শিশুগৃহত একেটা কোঠাতে ৰখোৱা হৈছে। পূৰ্বৰ তুলনাত লাহে লাহে পৰিৱৰ্তন ঘটিছে শিশু দুটিৰ আচাৰ ব্যৱহাৰত। কথা ক’বলৈ, হাঁহিবলৈ মাতিবলৈ আৰম্ভ কৰিছে দুই শিশুয়ে। পুত্ৰ সন্তানটিয়ে যিহেতু কথা ক’ব পৰা নাছিল, বৰ্তমান Speech Therapy দি থকা হৈছে জি এম চি এইচত। পূৰ্বৰ দৰে মনত এতিয়া ভয়, শংকা নোহোৱা হৈছে দুয়োৰে। মানুহ দেখিলেই নিৰাপত্তাহীনতাত ভুগা শিশু দুটিয়ে এতিয়া লাহে লাহে মানুহৰ সংগ ভাল পোৱা হৈছে। শিশু দুটি সৰ্ন্দভত ‘News-18 অসম’ৰ আগত এইদৰে কয় কামৰূপ মহানগৰ শিশু সুৰক্ষা বিষয়া কিশোৰী বৰুৱাই।

Post a Comment

Previous Post Next Post