বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগৰ গুলীচালনাত মহিলাৰ মৃত্যু! আহত ৬জন


 

বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগৰ গুলীচালনাত এগৰাকী মহিলাৰ মৃত্যু! গুলীচালনাত আহত হৈছে আন ৬জন। বুঢ়াচাপৰি অভয়াৰণ্যৰ পূব লাঠিমাৰীত এই ঘটনা সংঘটিত হৈছে। আহত তিনিজনক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

আহতসকল ক্ৰমে আহমদ আলী, ৰমজান আলী, ফাতেমা খাতুন, সংচেৰ আলী। দুজনৰ নাম বৰ্তমানেও জানিব পৰা হোৱা নাই। বুঢ়া চাপৰি অভয়াৰণ্যৰ অন্তৰ্গত পূব লাঠিমাৰীৰ উচ্ছেদিত ভূমিত বাসগৃহ বনাই পুনৰ বেদখল কৰাৰ অভিযোগ আহতসকলৰ বিৰুদ্ধে।


Post a Comment

Previous Post Next Post