বিয়াৰ পিছতে পত্নীৰ সপোন পূৰণ কৰিবলৈ উঠি–পৰি লাগিছিল স্বামীয়ে। স্বামীৰ কষ্টৰ বলত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে পত্নীয়ে। কিন্তু উচ্চ শিক্ষা গ্ৰহণ কৰি চাকৰি পোৱাৰ পিছতে স্বামীক গোৰ মাৰি গুচি গ’ল পত্নী। এই অভিযোগ আনিছে খোদ স্বামীয়ে। ঘটনাটো সংঘটিত হৈছে গোৱালপাৰাত।
গোৱালপাৰাৰ কুইশাকাটি গাঁৱৰ মফিদুল ইছলামে চাৰি বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বাশবাৰী গাঁৱৰ ছাবানা ইছমিন নামৰ এগৰাকী যুৱতীৰ সৈতে। বিয়াৰ পিছতে বিজ্ঞানৰ স্নাতক ছাবানাই আগলৈ পঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছিল। পত্নীৰ ইচ্ছা পূৰণ কৰিবলৈ USTMত এডমিশ্যন দিয়াইছিল স্বামী মফিদুলে। USTMৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত পশ্চিম বংগত বি এড ডিগ্ৰীও লাভ কৰে ছাবানাই।
ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত চাকৰি লাভ কৰিলে পত্নীয়ে। কিন্তু চাকৰি পাই স্বামীক যে এনে এটা ‘উপহাৰ’ দিব সেই কথা হয়তো কল্পনাও কৰা নাছিল মফিদুলে। চাকৰি পোৱাৰ এমাহ পিছতে স্বামীক ডিভ’ৰ্চ দি গুচি গ’ল ছাবানা। এই ঘটনাৰ পিছতে এতিয়া ভুক্তভোগী স্বামীয়ে ন্যায় বিচাৰিছে।
