এইবাৰ কবিৰাজৰ বিলৈ৷ দোল-তাবিজে ৰক্ষা কৰিব কৰিব নোৱাৰিলে খোদ কবিৰাজক৷ ৰোষত পৰিল মহিলাৰ৷ চাৰ্টৰ কলাৰত ধৰি কবিৰাজক চোচৰাই আনিলে থানালৈ৷ ঘটনা তেজপুৰৰ৷
তেজপুৰ আমোলাপামৰ এগৰাকী যুৱতীক কিছুদিন পূৰ্বে ফুচুলাই পলুৱাই নিছিল এইটো কবিৰাজ ৰকিব দাসে৷ কবিৰাজৰ ঘৰ লাইলুৰিত৷ এই মাতৃৰ অভিযোগ।
তাবিজ পিন্ধাই তেওঁৰ কন্যাক ফুচুলাই পলুৱাই নিছিল তিনিবাৰকৈ বিয়া পতা এই কবিৰাজে৷ আজি কবিৰাজ আহিছিল ক’ৰ্ট মেৰিজ কৰাবলৈ৷ পিছে দিন বেয়া আছিল বপুৰাৰ৷ অতদিনে নিজ কন্যাৰ সন্ধানত থকা মাতৃয়ে তেজপুৰ আদালত সমীপত কন্যাসহ কবিৰাজক দেখা পাই ৰণচণ্ডী মুৰ্তি ধৰে। আৰু কবিৰাজক টানি টানি পোৱালেগৈ তেজপুৰ সদৰ আৰক্ষী থানা৷
