দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। মুখ্যমন্ত্ৰীয়ে মিঞা চাফা কৰি দিম বুলি কোৱাত এই এজাহাৰ দাখিল কৰে অজিত কুমাৰ ভূঞাই। ভূঞাৰ মতে, সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হোৱা ড০ হিমন্ত বিশ্ব শৰ্মাই কিয় এটা নিদিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি ল’ব।
ভূঞাই লগতে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনায়। সাংসদ অজিত কুমাৰ ভূঞাৰ অভিযোগ- হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ আহি ঘৃণা বিয়পাইছে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাইছে। হিমন্ত বিশ্ব শৰ্মাক মিঞা সম্প্ৰদায়ক লৈ এনে কথা ক’বলৈ অধিকাৰ কোনে দিলে।
ভূঞাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ আহ্বান জনায়। ভূঞাই লগতে কয় যে তেওঁক ড০ হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্টিফিকেট নালাগে। ভূঞাই কয়– ‘‘যদি ৰাজ্যসভাৰ নিৰ্বাচনত মোক সহায় কৰিছিল, তেন্তে আজিয়েই দলৰ পৰা অব্যাহতি দিব লাগে হিমন্ত বিশ্ব শৰ্মাক।’’ এইক্ষেত্ৰত জে পি নাড্ডাক দাবী জনায় সাংসদগৰাকীয়ে।
ৰাজ্যসভাৰ সাংসদগৰাকীয়ে লগতে কয়– ‘‘হিমন্ত বিশ্ব শৰ্মা খিলঞ্জীয়া প্ৰেমী নহয়। এইখন খিলঞ্জীয়া বিৰোধী খচৰা। মই নিৰ্বাচন খেলি সাংসদ নহওঁ, মোৰ তেনেকুৱা উদ্দেশ্য নাই,
হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কোৱাত ১ নম্বৰত আছে। বিজেপি নেতা অশোক শৰ্মা লৈ কিয় মৌন মুখ্যমন্ত্ৰী।’’
