অসম STFৰ DIG পাৰ্থ সাৰথি মহন্ত, আইপিএছৰ বিশেষ সূত্ৰৰ আধাৰত এটি দুৰ্ধৰ্ষ ডকাইত তথা অবৈধ জালনোটৰ সৰবৰাহকাৰী দলক কৰায়ত্ব কৰিবলৈ কৰা পৰিকল্পনা মৰ্মে STFৰ এটা অভিযানকাৰী দলে ১৬ জুলাইৰ পুৱাৰে পৰা বিশেষ অভিযানত নামি পৰে।
জালনোট সৰবৰাহকাৰী তথা ডকাইতৰ এই দলটোক ধৰিবলৈ পৰিকল্পনা কৰি গুৱাহাটীৰ STFৰ অভিযানকাৰী দলটোৱে ১৬ জুলাইৰ পুৱাৰে পৰা অভিযান চলায় আৰু অৱশেষত বিয়লি ২.৩০ মান বজাত নগাঁও জিলাৰ ৰূপহীহাট এলেকাৰ ঔঅনা গাঁৱৰ কাষৰ পৰা অভিযান চলাই চাৰিজনীয় দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
জালনোট সৰবৰাহকাৰী তথা ডকাইতৰ এই চাৰিজনীয়া দলটোৰ পৰা এটা পিষ্টল আৰু এটা সজীৱ গুলী উদ্ধাৰ কৰি জব্দ কৰা হয়। লগতে অপৰাধত ব্যৱহাৰ কৰা AS 03H 9133 নম্বৰৰ মাৰুতি আৰ্টিগা গাড়ীখন আৰু ৪ টা মোবাইল ফোন জব্দ কৰা হয়।
সোধা–পোছা কৰাৰ অন্তত জানিব পৰা যায় যে আটকাধীন চাৰিজন অপৰাধী নগাঁও জিলাৰ ৰূপহীহাট থানা এলেকাৰে বাসিন্দা আৰু তেওঁলোকৰ পৰিচয় হ’ল:- ১) আছিকুল খান ওৰফে আৰ্ছিফুল ইছলাম (২২ বছৰ), পিতা- আয়ুব খান, গাঁও- গেৰেকী, ২) মুজিবুৰ ৰহমান (২১ বছৰ), পিতা- সূৰুয আলী, গাঁও-তামুলীটোপ, ৩) নজৰুল হক (২৫) বছৰ), পিতা- ছালমান আলী, গাওঁ- তামুলীটোপ আৰু ৪) নজৰুল হক (২১ বছৰ), পিতা- গুলজাৰ হুছেইন, গাঁও- গড়েমাটিখোৱা।
