ৰহস্যজনকভাৱে মৃত্যুক সাবটিলে যুৱ সাংবাদিক ধন্তী হীৰাই, দুৰ্ঘটনা নে হত্যাকাণ্ড?


 

দেওবাৰে নিশা চামগুৰিৰ বৰভেটিত ৰহস্যজনকভাৱে উদ্ধাৰ হয় যুৱ সাংবাদিক ধন্তী হীৰাৰ মৃতদেহ। এটা ছেটেলাইত চেনেলৰ ভিডিঅ’ জাৰ্ণেলিষ্টৰূপে কৰ্মৰত ধন্তী হীৰাই নিশা কৰ্তব্যৰ পৰা ঘৰলৈ ঘূৰি যোৱাৰ পথত এক মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাবটি লৈছে বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জনায়। কিন্তু দুৰ্ঘটনাৰ ফলতে ধন্তীৰ মৃত্যু হৈছে বুলি কোনেও মানি ল’ব খোজা নাই।


একাংশ লোকৰ মতে, এগৰাকী বন্ধুৰ সৈতে মটৰ চাইকেলত বহি গৈছিল ধন্তী। পিছে বৰভেটিত নিশা দুগৰাকী পথচাৰীক মহতিয়াই নিয়াৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথাও পোহৰলৈ আহিছে। এই দুৰ্ঘটনাৰ ফলত ধন্তী হীৰা মটৰ চাইকেলৰ পৰা চিটিকি পৰিছিল যদিও মটৰ চাইকেলখনৰ চালক তথা তেওঁৰ বন্ধুগৰাকীয়ে সেই স্থানৰ পৰা পলায়ন কৰিছিল।

ইয়াৰ পিছতে আঘাতপ্ৰাপ্ত ধন্তীক নিশা কোনো লোকে মাৰধৰ কৰাৰ ফলতেই তেওঁৰ মৃত্যু হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে। ধন্তীৰ মূৰৰ পিছফালে আঘাতৰ চিনো পোৱা গৈছে আৰু মগজুৰ পৰা তীব্ৰ ৰক্তক্ষৰণ হোৱাৰ ফলতেই ধন্তীৰ মৃত্যু হৈছে।


উল্লেখযোগ্য যে, ধন্তীৰ পিতৃ মহেশ্বৰ হীৰাও অসম আৰক্ষীৰ বিশেষ সেৱাৰ এগৰাকী সাহসী বিষয়া। মহেশ্বৰ হীৰাৰ একমাত্ৰ পুত্ৰ সন্তান ধন্তী হীৰাও এগৰাকী অমায়িক যুৱক হিচাপে অঞ্চলটোত জনপ্ৰিয় আছিল।  প্ৰায় ৩বছৰ পূৰ্বে সাংবাদিকতাত যোগদান কৰা যুৱ সাংবাদিক গৰাকীৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে।

নিশাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ধন্তীৰ গুণমুগ্ধই ভিৰ কৰে। ধন্তী হীৰাৰ বিয়োগত নগাঁও প্ৰেছ ক্লাৱ, পুৰণিগুদাম প্ৰেছ ক্লাৱ, চামগুৰি প্ৰেছ ক্লাৱ, নগাঁও ইলেকট্ৰনিক এণ্ড ডিজিটেল মিডিয়া এছ’চিয়েচন আদি সংগঠনসমূহৰ লগতে জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post