গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ দুই কাৰাগাৰ প্ৰহৰীক নিলম্বন কৰা হৈছে। নিলম্বিত হোৱা দুয়োগৰাকী কাৰাগাৰ প্ৰহৰী নৱনিযুক্ত আছিল। কাৰাগাৰৰ মূল প্ৰহৰীয়ে চলোৱা এক অভিযানত চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছিল। জানিব পৰা মতে, দেওবাৰে জেইলাৰৰ নিৰ্দেশ মৰ্মে কাৰাগাৰৰ মূল প্ৰহৰীয়ে অভিযুক্ত দুই কাৰাগাৰ প্ৰহৰীৰ কোঠাত এক অভিযান চলাই নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত জেইলাৰে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতেই দুই কাৰাগাৰ প্ৰহৰীক নিলম্বন কৰা হয়।
কাৰাগাৰখনত থকা কয়দীসকলক নিচাজাতীয় সামগ্ৰী যোগান ধৰাৰ অভিযোগত নৱনিযুক্ত কেন্দ্ৰীয় কাৰাগাৰৰ দুই কাৰাগাৰ প্ৰহৰীক নিলম্বন কৰা হৈছে।
উল্লেখ্য যে, চলিত বৰ্ষৰ ১ জনুত দুয়োগৰাকী কাৰাগাৰ প্ৰহৰীয়ে চাকৰিত যোগদান কৰিছিল। এই দুই কাৰাগাৰ প্ৰহৰীৰ নাম টংকেশ্বৰ দাস আৰু ৰাজু ঠাকুৰ বুলি জানিব পৰা গৈছে।
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, কাৰাগাৰ প্ৰহৰী দুজনে মোজাৰ ভিতৰত ভৰাই গাঞ্জা, চিগাৰেটকে ধৰি অন্যান্য নিচাজাতীয় দ্ৰব্য কাৰাগাৰৰ ভিতৰলৈ নিছিল আৰু কয়দীক যোগান ধৰিছিল। দুয়োৰে কেন্দ্ৰীয় কাৰাগাৰৰ বেৰেকৰ বিচনাত অভিযান চলাই এই নিচাজাতীয় সামগ্ৰীবোৰ জব্দ কৰা হৈছে।
