আপুনি ছাহাৰাত ধন বিনিয়োগ কৰিছিল যদি আপোনাৰ বাবে সুখবৰ!


 

ভাৰতৰ যিসকল লোকে ছাহাৰাত নিজৰ ধন জমা কৰিছিল, তেওঁলোকে জমা কৰা ধন ঘূৰাই পাব। টুইটাৰৰ জৰিয়তে এই কথা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে জানিবলৈ দিছে। গৃহমন্ত্ৰী শ্বাহে কয় যে মোদী চৰকাৰে দীৰ্ঘদিন ধৰি ছাহাৰাত আৱদ্ধ হৈ থকা জমা ধন ঘূৰাই দিয়াৰ প্ৰস্তাৱ পূৰণৰ দিশত আগবাঢ়িছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মঙলবাৰে ‘ছাহাৰা ৰিফাণ্ড পৰ্টেল’ মুকলি কৰিব য’ত ছাহাৰা গোটৰ চাৰিখন সমবায় সমিতিৰ জমাকৰ্তাৰ দ্বাৰা বৈধ দাবী দাখিল কৰিব পাৰিব,যিসকলৰ ধন বহু বছৰ ধৰি আৱদ্ধ হৈ আছিল।

কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰালয়ে এক বিবৃতিৰ যোগেদি কয় যে, ‘‘ছাহাৰা গোটৰ সমবায় সমিতিৰ প্ৰকৃত জমাকৰ্তাসকলৰ দ্বাৰা বৈধ দাবী দাখিল কৰাৰ বাবে এটা পৰ্টেল বিকশিত কৰা হৈছে। যেনে- ছাহাৰা ক্ৰেডিট কোঅপাৰেটিভ চ’চাইটি লিমিটেড, ছাহাৰায়ান ইউনিভাৰ্চেল মাল্টিপাৰপজ চ’চাইটি লিমিটেড, হামাৰা ইণ্ডিয়া ক্ৰেডিট কোঅপাৰেটিভ চ’চাইটি লিমিটেড আৰু ষ্টাৰ্ছ মাল্টিপাৰপজ কোঅপাৰেটিভ চ’চাইটি লিমিটেড।’’

ছাহাৰা-ছেবি ৰিফাণ্ড একাউণ্টৰ (Sahara SEBI refund account) পৰা কেন্দ্ৰীয় সমবায় সমিতিৰ পঞ্জীয়ক (CRCS)লৈ ৫,০০০ কোটি টকা স্থানান্তৰ কৰাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত কেন্দ্ৰীয় চৰকাৰে ৯ মাহৰ ভিতৰত দহ কোটি বিনিয়োগকাৰীৰ ধন ঘূৰাই দিয়াৰ ঘোষণাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

অমিত শ্বাহে টুইটাৰত কয় যে,যিসকলে ছাহাৰাত বিনিযোগ কৰিছিল সেইসকলৰ বাবে মঙলবাৰৰ দিনটো এক বিশেষ দিন কিয়নো বিগত চাৰি বছৰ ধৰি তেওঁলোকৰ ধন চাহাৰাৰ সমবায় সমিতিত আবদ্ধ হৈ আছিল। মোদী চৰকাৰে সেই বিনিয়োগকাৰীসকলৰ জমা ধন ঘূৰাই দিয়াৰ প্ৰস্তাৱ পূৰণ কৰাৰ দিশত আগবাঢ়িছে বুলি তেওঁ উল্লেখ কৰে। লগতে ‘ছাহাৰা ৰিফাণ্ড পোৰ্টেল’ মুকলি কৰা হ’ব বুলিও ঘোষণা কৰে অমিত শ্বাহে। লগতে তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমবায় মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিয়ে সকলো বিনিয়োগকাৰীয়ে অপেক্ষা কৰি থকা তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ধন ঘূৰাই পাবলৈ সকাহ দিব।

Post a Comment

Previous Post Next Post