সমগ্ৰ শিক্ষা অভিযানৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সংবাদমেল। সংবাদমেল সম্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। কাহিলিপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী পেগুৱে সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ ২৮,২১৯খন বিদ্যালয়লৈ অনুদান আগবঢ়োৱাৰ বিষয়ে জানিবলৈ দিয়ে।
চলিত শিক্ষাবৰ্ষত অনুদান হিচাপে মুকলি কৰা হয় ৭৯,৮০ কোটি টকা, ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাৰ বাবে মুকলি কৰি দিয়া হয় ১৬.৩৯ কোটি টকা। শিক্ষাৰ্থীৰ পৰিসংখ্যা অনুসৰি প্ৰদান কৰা হয় এই অনুদান।
শিক্ষামন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে শিক্ষা সেতু প’ৰ্টেলৰ জৰিয়তে বিদ্যালয়ৰ তথ্য সংগ্ৰহ কৰা হৈছে। কিন্তু যিসমূহ বিদ্যালয়ে শিক্ষা সেতুত কোনো তথ্য আপলোড কৰা নাই, তেনে প্ৰাথমিক বিদ্যালয়ে এই অনুদান লাভ নকৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যত ১১,৪০০খন বিদ্যালয়লৈ এই অনুদান মুকলি কৰা হোৱা নাই।
