মহানগৰীত পুনৰ আজি উদ্ধাৰ হৈছে এটা মৃতদেহ। কালি মহানগৰীৰ হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আজি বিৰুবাৰী ৰামকৃষ্ণ মিছন পথত এটি মৃতদেহ উদ্ধাৰ হৈছে।উল্লেখযোগ্য যে, ভৰলু নৈত ওপঙি থকা অৱস্থাত মৃতদেহটি প্ৰত্যক্ষ কৰে স্থানীয় লোকে। প্ৰত্যক্ষদর্শীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। মৃতদেহটি এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে। বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। খবৰ অনুসৰি, এই মুহূৰ্তলৈকে মৃতদেহটি চিনাক্ত কৰিব পৰা নাই আৰু পৰিচয় জানিব পৰা হোৱা নাই।
