বিগত বানত নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ ক্ষতিগ্ৰস্ত গাঁও সমূহৰ অন্যতম গাঁও হ’ল ভদ্ৰকুছি । নলবাৰী জিলাৰ টিহু নদীৰ পাৰতে অৱস্থিত ভদ্ৰকুছি গাঁওখন প্ৰতি বছৰে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । টিহু নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত প্ৰতিটো পৰিয়ালৰ পুখুৰীৰ মাছ ওলাই যোৱাৰ লগতে চকুৰ সন্মুখত বহু পৰিয়ালৰ গৰু-ছাগলী পানীৰ সোঁতে উটুৱাই নিয়াত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ আহিছে বহু পৰিয়াল ।
এতিয়া পানী কমিলেও দুৰ্দশা আঁতৰা নাই বানাক্ৰান্তৰ । খাদ্য সংকটে দেখা দিয়া বহু পৰিয়ালৰ পশুধনৰো খাদ্য সংকট দেখা দিছে । পশুধনৰ বাবে চৰণীয়া পথাৰৰো অভাৱে দেখা দিছে । চৰকাৰীভাবে পৰ্যাপ্ত পৰিমাণৰ পশুধনৰ খাদ্য আগবঢ়াইছে যদিও টিহুৰ ভদ্ৰকুছি গাঁৱৰ বানাক্ৰান্তই আজিও পোৱা নাই পশুধনৰ খাদ্য । টিহুৰ বহু কেইখন গাঁৱৰ বানাক্ৰান্ত ৰাইজে পশুধনৰ খাদ্য লাভ কৰাৰ বিপৰীতে ভদ্ৰকুছি গাঁৱৰ বানাক্ৰান্ত ৰাইজে আজিলৈকে পশুধনৰ খাদ্য লাভ নকৰাত ৰহস্যৰ সৃষ্টি হৈছে ।
শনিবাৰে গাঁৱৰ ৰাইজে ক্ষোভিত হৈ পশুধনৰ খাদ্য নোপোৱাৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত ভদ্ৰকুছিস্থিত পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিচিত্ৰ হালৈক ঘেৰাও কৰে । চিকিৎসক গৰাকীয়ে কম দিনৰ ভিতৰতে গাঁওবাসীয়ে পশুধনৰ খাদ্য লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াতহে ৰাইজ আতৰি যায় । উল্লেখ্য যে নামনি অসমত এইবাৰ বানে ভয়াৱহ ৰূপ লৈছিল ।নলবাৰীৰ ২০০ৰো অধিক গাওঁ বানৰ কৱলত পৰিছিল । বিভিন্ন প্ৰান্তত মৰাপাগলদিয়া আৰু বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছিল ।
