পথৰ ওপৰতে দাওদাওকৈ জ্বলিল এখন বিলাসী বাহন, টীয়কত চাঞ্চল্য


 

টীয়কৰ পথৰ ওপৰতে দাওদাওকৈ জ্বলিল এখন বিলাসী বাহন। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত ভোগদৈ থানাৰ অন্তৰ্গত মেলেং বচাপথাৰত দাওদাও কৈ জ্বলি উঠে বিলাসী বাহনখন।

ডিব্ৰুগড় জিলাৰ প্ৰণিতা সন্দিকৈৰ নামত থকা হোণ্ডা বাহনখনৰ চালকজনৰ তৎপৰতাৰ বাবে আৰোহীকেইজনৰ প্ৰাণ ৰখা পৰে। উল্লেখযোগ্য যে বাহনখনত ডিব্ৰুগড় জিলাৰ পৰা টীয়কৰ সন্দিকৈ গাঁওলৈ আহিছিল পৰিয়ালটি। কিন্তু মাজবাটতে এই অঘটন সংঘটিত হয়। সৌভাগ্যক্ৰমে এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে আৰোহীকেইজনৰ।


Post a Comment

Previous Post Next Post