১০ জুলাইত শিলচৰ চহৰত অনশনত বহিব সাংসদ সুস্মিতা দেৱে





 সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যৰ ৰাজনীতিত বিৰোধীয়ে প্ৰবল বিৰোধিতা প্ৰদৰ্শন কৰা দেখা গৈছে। বিৰোধী মহাজোঁটে কংগ্ৰেছৰ নেতৃত্বত দিল্লীলৈ যোৱাৰ লগতে AIUDF দলো উপস্থিত হৈছে দিল্লীত।

এনে সময়তে তৃণমূল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে (MP Sushmita Dev) কৰিছে এক বিশেষ ঘোষণা। সুস্মিতা দেৱে  ঘোষণা কৰা মতে, তেওঁ অনশনত বহিব। তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ সুস্মিতা দেৱে অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে আৰু বৰাক উপত্যকাত বিধানসভা সমষ্টিৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত দেৱে ১০ জুলাই সোমবাৰে শিলচৰ চহৰত পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনশন কাৰ্যসূচী গ্ৰহণ কৰিব।

Post a Comment

Previous Post Next Post