মটক ৰজা সৰ্বানন্দ সিংহই ব্যৱহাৰ কৰা এটা অস্ত্ৰভাণ্ডাৰ : ক'ত আছে এই অস্ত্ৰাগাৰ ?


 

স্বৰ্গদেউ সৰ্বানন্দ সিংহই ব্যৱহাৰ কৰা এটা অস্ত্ৰভাণ্ডাৰ ৷ ক’ত আছে এই অস্ত্ৰাগাৰ ? সংৰক্ষণৰ অভাৱত জহি খহি গৈছে মটক ৰজাই ব্যৱহাৰ কৰা এই কীৰ্তিচিহ্ন । দুই শতাধিক বৰ্ষৰ পূৰ্বে উজনিৰ সৌমাৰখণ্ডত এক সংগ্ৰামী সত্তাৰ অধিকাৰী, পৰাক্ৰমী, সুদক্ষ মটক ৰজা সৰ্বানন্দ সিংহই ৰাজত্ব কৰিছিল ।

১৭৮৮ খ্ৰীষ্টাব্দৰ পৰা ১৮০৫ খ্ৰীষ্টাব্দলৈকে সুখ্যাতিৰে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল এইগৰাকী মটক ৰজাই । স্বৰ্গদেউ সর্বানন্দ সিংহই প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম ‘বেংমৰা মটক ৰাজ্য’ আছিল । পেম্বাৰটন চাহাবৰ Report on the North- East Frontier of British India নামৰ প্ৰতিবেদন অনুসৰি মটক ৰাজ্যৰ উত্তৰ আৰু পশ্চিমত আছিল ব্ৰহ্মপুত্ৰ নদী, দক্ষিণত বুঢ়ীদিহিং নদী আৰু পূবত দিহিং নদীৰ পৰা কুণ্ডিল নলাৰ মুখলৈকে দীঘলকৈ ৰেখা টানিলে, যি সীমা পোৱা যায়, সেয়ে আছিল ইয়াৰ পূব সীমা ।


পেম্বাৰটন চাহাবে দেখুওৱা এই সীমাকে হেনে, ৰবিন্স, মিলচ, মেক্‌কোছ আদি ইংৰাজ বিষয়াসকলে সমর্থন কৰিছিল । The Imperial Gazetter of India, Eastrn Bengal and Assam টো মটক ৰাজ্যৰ সীমাৰ বিষয়ে উল্লেখ পোৱা যায় । এই গেজেটিয়াৰৰ তথ্যানুসাৰে ন-দিহিং, ব্ৰহ্মপুত্ৰ আৰু দক্ষিণৰ পৰ্বতমালাৰ মাজত অৱস্থিত ভূখণ্ড অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণত অৱস্থিত অবিভক্ত লখিমপুৰ জিলাৰ ভূভাগেই আছিল মটক ৰাজ্য ।পেম্বাৰটনৰ প্ৰতিবেদনত মটক ৰাজ্যৰ মাটিকালি ১,৮০০ বর্গমাইল অর্থাৎ ১১,৫২,০০০ একৰ বুলি উল্লেখ আছে । মেকেঞ্জিৰ প্ৰতিবেদনেও এই তথ্যকেই সমৰ্থন কৰিছে । স্বৰ্গদেউ সৰ্বানন্দ সিংহই ৰাজ্য শাসন কৰি থকা সময়ত ডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চলটোতো বিভিন্ন কাম-কাজ কৰিছিল । সেই সময়তে চাবুৱাৰ দেওধাই হাটখোলাত এক বৃহৎ অস্ত্ৰৰ ভাণ্ডাৰ ৰাখিছিল ।এই অস্ত্ৰাগাৰ বা অস্ত্ৰভাণ্ডাৰটোত সেই সময়ত ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ একগোট কৰি সংৰক্ষণ কৰি ৰাখিছিল বুলি শুনিবলৈ পোৱা যায় । এই অস্ত্ৰাগাৰ থকা স্থানত কোনো সৰঞ্জাম বা ভৰিৰে আঘাত কৰিলে ধুম ধুম শব্দও শুনিবলৈ পোৱা যায় । এই ধুম ধুম শব্দৰ বাবে স্থানীয় ৰাইজে এই অসমান ঠাইডোখৰক ধুমধুমনি টিলা হিচাবে নামাকৰণ কৰিছে ।

Post a Comment

Previous Post Next Post