প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকক। বেলতলাৰ দেওবৰীয়া বজাৰলৈ গৈ চৰা দামত বজাৰ কৰি চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মানস বৰাই।
বৰাই হাতত মোনা লৈ বেলতলাৰ দেওবৰীয়া বজাৰত ৰাইজৰ সৈতে বজাৰ কৰে। সমান্তৰালকৈ ৰাজ্য চৰকাৰক তুলাধূনা দিয়ে বৰাই। ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি বৰাই কয় যে আকশলংঘী মূল্যবৃদ্ধিৰ বাবেই মহানগৰীৰ বেলতলা দেওবৰীয়া বজাৰত নাই গ্ৰাহক।
গ্ৰাহকৰ অভাৱত খুচুৰা ব্যৱসায়ীসকলে মূৰে–কপালে হাত দি বহি আছে। মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনায় কংগ্ৰেছৰ নেতা মানস বৰাই। মূল্যবৃদ্ধি হ্ৰাস নহ’লে আগন্তুক সময়ত ৰাইজে বিজেপিক উচিত শিক্ষা দিব বুলিও কয় বৰাই।
তেওঁ লগতে শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ নহ’লে সমগ্ৰ অসমত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ হুংকাৰ দিয়ে।
