কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিয়োগ, চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ


 

কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিয়োগ। নিশা ২ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই। চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে কংগ্ৰেছ নেতাগৰাকীৰ। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ। হৃদৰোগৰ বাবে কৰা হৈছিল জটিল অস্ত্ৰোপচাৰ।

মৃত্যুৰ সময়ত মনজিৎ মহন্তৰ বয়স আছিল ৫৫ বছৰ। সাংবাদিকতাৰ পৰা ৰাজনীতিলৈ অহা মনজিৎ মহন্তই ২০২১ চনত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মনজিৎ মহন্ত। দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মনজিৎ মহন্তই।

আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰয়াত মহন্তৰ। কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে বিভিন্নজনে।

Post a Comment

Previous Post Next Post