জনতাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা চৰকাৰে ৰাজহুৱাকৈ ক্ষমা খোজকঃ জাকিৰ হুছেইন শিকদাৰ



 “গুৱাহাটীতে ফুটা নাই পানীৰ পাইপ ৷ পানীৰ পাইপ ফাটে দিল্লী, কেৰালাতো ৷ কেৰালাত ২২ হাজাৰ পানীৰ পাইপ ফাটিছে শেহতীয়া তিনি বছৰত ৷” গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনিৰ পাইপৰ নিতৌ দেখা দিয়া ফাটক লৈ এনেদৰে মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ এনে মন্তব্যৰে পাছতে উভতি ধৰিলে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷

উল্লেখযোগ্য যে, ২০১৬ ত ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন কৰি ২ বছৰত পানী যোগান সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে ৷ পিছে, চৰকাৰৰ ২ বছৰৰ পৰিৱৰ্তে এতিয়া ৮ বছৰ সম্পূৰ্ণৰ পথত ৷ তথাপি কিন্তু আজিলৈ নহ’ল পানী যোগান সম্পূৰ্ণ ৷ তাৰ বিপৰীতে পানী যোগান ধৰা পানীৰ পাইপ ফাটি মৃত্যু হ’ল মহানগৰীৰ নাগৰিকৰ ৷

মুখ্যমন্ত্ৰীগৰাকীৰ পানীৰ পাইপ ফটা কাৰ্য্যক সহজভাৱে লোৱা বিষয়টো অদ্ভুত বুলি মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অধিক সহজভাৱে, “পানী যোগান আঁচনিৰ পানী খাব লাগিলে পাইপৰ ফাঁট সহজভাৱে ল’ব লাগিব” বুলিও মন্তব্য কৰে ৷ মহানগৰবাসীৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এনে মন্তব্য চৰম দায়িত্বহীন আখ্যা দিলে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ সমস্যা পূৰণৰ পৰিৱৰ্তে মূল বিষয়ৰ পৰা আঁতৰাৰ চেষ্টা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যক লৈ ৰাজহুৱা ক্ষমা খোজাৰ দাবী জনালে বিধায়কগৰাকীয়ে ৷ এতিয়া প্ৰশ্ন হৈছে, পূৰ্বে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান হলে আমেৰিকাটো পানী হয় বুলি মন্তব্য কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পিছত এইবাৰ একেই সুৰত সুৰ দিলে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Post a Comment

Previous Post Next Post