আকৌ মহানগৰীত মৃতদেহ উদ্ধাৰ, বশিষ্ঠ নৈত পুৱাই উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ


 

গুৱাহাটী মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ। আজি বশিষ্ঠ নৈত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। হাতীগাঁৱৰ খাংকা দলঙৰ তলত উদ্ধাৰ ৫০ ঊৰ্ধ্বৰ মহিলাৰ মৃতদেহ। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে হাতীগাঁও আৰক্ষীক। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহটো। বৰ্তমানো উদ্ধাৰ হোৱা নাই মহিলাগৰাকীৰ পৰিচয়।

গুৱাহাটীত ৩ দিনত ৪টাকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হেঙেৰাবাৰীত দুই যুৱকৰ মৃতদেহ উদ্ধাৰৰ পিছত দেওবাৰে বিৰুবাৰীৰ ভৰলু নৈত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। ইয়াৰ পিছতে আজি পুনৰ বশিষ্ঠ নৈত উদ্ধাৰ হয় আন এগৰাকী মহিলাৰ মৃতদেহ।


Post a Comment

Previous Post Next Post