টেঙা বল খেলিয়েই বিশ্ববাসীক দুভৰিৰ চমক দেখুওৱাৰ পণ! গ'থা কাপ ফুটবললৈ ভাৰতীয় দলৰ হৈ নয়নৰ কোঁৱৰৰ যাত্ৰা

 


বাঁহৰ সৰু পঁজাৰ পৰাই জগত জিনাৰ মন তাৰ । টেঙা বল খেলিয়েই বিশ্ববাসীক দুভৰি চমক দেখুৱাব সি। দুচকুত তাৰ প্ৰতিশ্ৰুতিৰ চমকনি। প্ৰচুৰ সম্ভাৱনা আৰু প্ৰত্যাশাৰে সকলোৰে বাবে গৌৰৱৰ এক মাহেন্দ্ৰ ক্ষণ কঢ়িয়াই আনিব সি। যাত্ৰা পথত জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ বৰষিলে অনেক লোকে। বিমান বন্দৰলৈকে গঞা ৰাইজে ৰেলী কৰি লৈ গ’ল এটি ফুটবলৰ যাদুৰে সহস্ৰজনক সন্মোহিত কৰা ৰাজ্যৰ এটি জাগ্ৰত প্ৰতিভাক।


ছুইডেনৰ প্ৰখ্যাত ‘গ’থা কাপ’ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্ণামেণ্টত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব ডিব্ৰুগড়ৰ নয়ন কোঁৱৰে। আজি ডিব্ৰুগড় বিমানবন্দৰৰ পৰা উৰা মাৰিলে ইউৰোপ মহাদেশলৈ। বিশ্বৰ এখন আগশাৰীৰ জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা ‘গ’থা কাপ’ ফুটবল টুৰ্নামেণ্টত ভাৰতীয় দলত স্থান লাভ কৰা এই গৰাকী কণমানি খেলুৱৈ হৈছে ডিব্ৰুগড় জিলাৰ ডিকম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ নয়ন কোঁৱৰ। অহা ১৬ জুলাই পৰা অনুষ্ঠিত হ’ব ‘গ’থা কাপ’ ফুটবল টুৰ্নামেণ্ট।ডিব্ৰুগড়ৰ মোহনবাৰী সৰুপথাৰ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ তেনেই এটি সাধাৰণ পঁজাত বাস কৰা বীৰু কোঁৱৰ আৰু মণিকা কোঁৱৰৰ সন্তান নয়নৰ যাত্ৰা পথত আজি অনেকজনে হিয়া উজাৰি আশীৰ্বাদ দিলে। নামঘৰত আঁঠু লৈ দেশৰ বাবে বিজয় ধ্বজা কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে গ’থা কাপ হৈছে পেছাদাৰী ফুটবল ক্লাব বি কে হেকেনে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যুৱ সংঘৰ ফুটবল প্ৰতিযোগিতা, যিখন ১৯৭৫ চনৰ পৰা ছুইডেনৰ গোটেনবাৰ্গত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে৷ অংশগ্ৰহণকাৰী দলৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা বুলি গণ্য কৰা সমগ্ৰ বিশ্বৰ প্ৰতিযোগী যুুৱ-দলসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ গ’থা কাপ’ ছুইডেনৰ সৰ্ববৃহৎ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা৷

Post a Comment

Previous Post Next Post