পথ দুৰ্ঘটনা ৰোধৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতা। ৩৩ টা ব্লেক স্পট চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ। জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন। গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত চিনাক্ত কৰা মুঠ ৩৩ টা অতি দুৰ্ঘটনাপ্ৰৱণ স্থান অৰ্থাৎ ব্লেক স্পটত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে সোমবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত বিতংভাৱে আলোচনা কৰা হয়৷
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত অধিক দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহত ল’বলগীয়া হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপৰ বিষয়ে জিলা উপায়ুক্তই লোকনিৰ্মাণ বিভাগ, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদিক যাৱতীয় নিৰ্দেশনা দিয়ে৷ তেওঁ বিভাগসমূহক তাৎক্ষণিকভাৱে দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহত উপযুক্ত পথচিহ্ন, পথ সুৰক্ষা ৰিফ্লেক্টৰ আদিৰ ব্যৱস্থা কৰাৰ লগতে পথৰ কাষৰ জংঘল কাটিবলৈ, পথত জমা হোৱা বালি-বোকা আদি আঁতৰাবলৈ নিৰ্দেশ দিয়ে৷
পথ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা যেনে পথত থকা বিসংগতি আঁতৰ কৰা, পথ মেৰামতি কৰা, পদ সেতু নিৰ্মাণ কৰা, নিৰ্মীয়মাণ অৱস্থাত থকা পথ আদি কাম ক্ষিপ্ৰতাৰে কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে কয়৷ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱাৰ কিছু আগত সকলো স্থানীয় পথতে গতিৰোধক দিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে৷
অহা ২০ জুলাইত জিলা প্ৰশাসনৰ সকলো অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তৰে গঠিত কেইবাটাও দলে অতি দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি হ্ৰস্বম্যাদী কামসমূহ সম্পূৰ্ণ হৈছেনে নাই আৰু দীৰ্ঘম্যাদী পদক্ষেপৰ কামৰ অগ্ৰগতিৰ বুজ ল’ব বুলি বৈঠকত জিলা উপায়ুক্তই সদৰী কৰে৷ তেওঁ যান-বাহন আইন ভংগকাৰী বাহন বিশেষকৈ হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধে চলাই থকা অভিযান অধিক তীব্ৰ কৰিবলৈ পৰিবহণ বিভাগক আৰু অবৈধভাৱে সুৰা বিক্ৰী কৰা ধাবা আদিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ আবকাৰী বিভাগক নিৰ্দেশ দিয়ে৷
বৈঠকত অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী তথা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস প্ৰমুখ্যে গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ বিভাগ, পৰিবহণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷
