কৰিমগঞ্জৰ বাইপাছ পইণ্টত গ্ল’চাইনত ‘আই লাভ কৰিমগঞ্জ’ লিখাৰ পিছত এতিয়া ভাৰত-বাংলাদেশ সুতাৰকান্দি সীমান্তত বিশাল গ্ল’চাইনত সজোৱা হ’ব ‘আই লাভ ইণ্ডিয়া’ । ভাৰতীয় সুতাৰকান্দি লেণ্ডপ’ৰ্ট অথ’ৰিটিৰ এই সিদ্ধান্তক কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে । অহা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব এই গ্ল’চাইনৰ ।
শেহতীয়াকৈ বকৰ্শাল অঞ্চলৰ কৰিমগঞ্জ বাইপাছ পইণ্টত ‘আই লাভ কৰিমগঞ্জ’ৰ উদ্বোধনী অনুষ্ঠানৰ পিছতে ভাৰতীয় সুতাৰকান্দি লেণ্ডপ’ৰ্ট অথ’ৰিটিৰ মেনেজাৰ অৰবিন্দ আকাশীয়ে এই পৰিকল্পনা আগবঢ়াইছিল । কিছুদিন পূৰ্বে কৰিমগঞ্জ বাইপাছ পইণ্টত জে এন ভি এলুমনি এছ’চিয়েশ্যনৰ উদ্যোগত গ্ল’চাইনত লিখা ‘আই লাভ কৰিমগঞ্জ’ৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত কিছুদিনৰ পাছত এটা উচ্চ স্তম্ভত এখন বিশাল জাতীয় পতাকা স্থাপন কৰা হয় সেই স্থানত ৷
এল পি এ আইৰ মেনেজাৰ অৰবিন্দ আকাশীয়ে উদ্বোধনী অনুষ্ঠানত এই সৌন্দৰ্যক ভাৰত-বাংলাদেশ সীমান্তলৈ লৈ যাব বুলি ঘোষণা কৰিছিল । পিছত তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ এলপিএআইৰ দিল্লীস্থিত শীৰ্ষ বিষয়াসকলক এই বিষয়ে অৱগত কৰে ।প্ৰাপ্ত তথ্য মতে এল পি এ আইৰ অধ্যক্ষ আদিত্য মিশ্ৰই (আই পি এছ)এই বিষয়ত যাৱতীয় সকলো পৰীক্ষা কৰি অনুমোদন জনাইছে ।
সেই অনুসৰি সুতাৰকান্দি সীমান্তত বিশাল গ্ল’চাইনত ‘আই লাভ ইণ্ডিয়া’ স্থাপনৰ অভিযান আৰম্ভ হৈছে । আন এখন গ্ল’চাইনত এল পি এ আই লিখা থাকিব বুলি জানিব পৰা গৈছে । খবৰ অনুসৰি সীমান্তত থকা এল পি এ আইৰ তিনিমহলীয়া ভৱনত বাংলাদেশৰ ফালে মুখ কৰি ‘আই লাভ ইণ্ডিয়া’ লিখা গ্ল’চাইন স্থাপন কৰা হ’ব । যিটো বাংলাদেশৰ পৰা দেখা যাব । ইয়াৰ উচ্চতা তিনি ফুট আৰু প্ৰস্থ সোতৰ ফুট হ’ব ।
