জুমনক মনক আছেনে? বিয়ানামৰ পিছত এইবাৰ জুমনৰ কণ্ঠত শুনক ‘নাৰায়ণ’


 

জুমনক মনত আছেনে? সেই যে বিয়ানাম গাই ভাইৰেল হৈ পৰা ল’ৰাজন! বায়েকৰ বিয়াত বিয়ানাম গাই ভাইৰেল হৈ পৰিছিল জুমন বৰা। তাৰ পিছতে ছচিয়েল মিডিয়াত জুমনক লৈ চলিছিল চৰ্চা। জুমনৰ কণ্ঠক প্ৰশংসা কৰিছিল বহুজনে। ছচিয়েল মিডিয়াযোগেই সকলোৰে মাজত পৰিচিত হৈ পৰিছিল জুমন।

সেইজন জুমন পুনৰ চৰ্চালৈ আহিছে। এইবাৰ অৱশ্যে বিয়ানাম গাই নহয়। এইবাৰ আন এটা গীতৰ জৰিয়তে ভাইৰেল হৈ পৰিছে জুমন। নিজৰ সুন্দৰ কণ্ঠৰে পুনৰ এবাৰ সকলোৰে প্ৰশংসা বুটলিছে জুমনে।


শেহতীয়াকৈ জুমনে ৰবি শৰ্মাৰ ‘শ্ৰীৰঘুপতি’ ছবিখনৰ ‘নাৰায়ণ’ শীৰ্ষক গীতটো গাই খলকনি তুলিছে ছচিয়েল মিডিয়াত।

Post a Comment

Previous Post Next Post