নিচাক বৃত্তিলৈ ৰূপান্তৰ কৰা ভাস্কৰ মৰাণৰ নন্দনবন নাৰ্চাৰী ৷ ফুল অসমীয়া সমাজৰ এক আদৰণীয় সামগ্ৰী । ইয়াক ঘৰুৱা শোভাবৰ্দ্ধনৰ উপৰি পূজাই পাৰ্বনে ব্যৱহাৰ কৰা হয়। ফুল নহ’লে কোনো মাংগলিক কাৰ্য সিদ্ধি নহয় । বিবাহৰ দৰা আৰু কইনাক নিজৰ ঘৰৰ মাটিত হোৱা ফুলৰ মালাডালেহে শুৱায় । বজাৰত পোৱা প্লাষ্টিকৰ মালাধাৰিৰ কোনো মূল্য নাই ।
সেয়ে প্ৰতিজন অসমীয়া মানুহৰ ঘৰতে ব্যৱসায়িকভাৱে নহ’লেও ঘৰখনৰ সৌন্দৰ্যবৰ্দ্ধন তথা মাংগলিক কাৰ্যত ব্যৱহাৰ কৰিব পৰাকৈ ফুলৰ খেতি কৰাটো নিত্যান্তই প্ৰয়োজন । মানুহৰ দৈনন্দিন জীৱনত এবিধ নিত্য প্ৰয়োজনীয় সামগ্ৰী হৈছে ফুল । ইয়াক বিশেষভাৱে ব্যৱহাৰ কৰা হয় সৌন্দৰ্য বৰ্দ্ধনৰ বাবেহে । ফুল বিশ্বৰ সকলোতে আছে, ই সৰ্বত্ৰে সমাদৃত । প্ৰত্যেক দেশৰে মাটি-পানীৰে শুজা কিছু নিজস্ব ফুল আছে, অসমতো আছে । অথচ আমাৰ মানুহে তেনে ফুলৰ খেতি কৰিবলৈ এৰি আজিকালি বিদেশী ফুলকহে বৰকৈ আদৰা দেখা যায় ।অসমৰ পাহাৰ-ভৈয়াম, জুৰি, নৈপাৰ আৰু জনবসতিপূৰ্ণ ঠাইত ফুল ফুলি সৌন্দৰ্যৰ মেলা পাতে । অসমত বিভিন্ন ঋতুত বিভিন্ন ধৰণে মেলা পাতে ফুলে ৷ এই ফুলবোৰৰ ভিতৰত কেতেকী, নাহৰ, কপৌ, পলাশ, শিমলু, এজাৰ, মদাৰ, সোণাৰু আদি বননিত ফুলা ফুল । আনহাতে, তগৰ, নাৰ্জি, শেৱালি, গুটিমালি, গুৱামালি, খৰিকাজাই, ইন্দ্ৰমালতী, গোন্ধমালতী, মালতী, গধূলি গোপাল, চম্পা, যুতি, যুতি মালতী, কামিনীকুসুম, জবা, কৰবী, বাগী কপৌ, ৰাংগল, অশোক আদি ঘৰুৱাভাৱে ফুলা ফুল । এইবিলাকৰ উপৰি পানীত জন্মা ভেট, পদুম আদি ফুলো অসমত আছে ।
নিৱনুৱা যুৱক-যুৱতীসকলে ফুলৰ ব্যৱসায় কৰি স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিব পৰা ব্যৱস্থাটো হৈছে নাৰ্চাৰী উদ্যোগ । এই নাৰ্চাৰী উদ্যোগৰ অৰ্থনৈতিক দিশ বিশ্লেষণ কৰিলে দেখা যায় যে বতৰীয়া ফুলৰ বীজ আৰু পুলি বিক্ৰী কৰি বিঘাই প্ৰতি কমেও ২০-২৫ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি । আনহাতে, টাবত ৰোৱা ফুল বা বহুবৰ্ষীয় শোভাবৰ্দ্ধনকাৰী উদ্ভিদৰ প্ৰতিটো টাব বিক্ৰী কৰি টকা আয় কৰিব পাৰি । অসমৰ বিভিন্ন ঠাইত বৰ্তমানে এনেধৰণে নাৰ্চাৰী উদ্যোগ খুলি একাংশ নিবনুৱা যুৱক-যুৱতীয়ে আত্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰিছে ।
