কাৰ্বি আংলং জিলা অসমৰ অন্য জিলাতকৈ তুলনামূলকভাৱে পিছপৰা বুলিব পাৰি । কাৰ্বিসকলৰ লোকসংস্কৃতি যদিওবা চহকী কিন্তু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কাৰ্বি সাংস্কৃতিক ক্ষেত্ৰখন বিশেষ আগৰণুৱা নহয়। কিন্তু ইয়াৰ মাজতেই প্ৰচাৰবিহীনভাবে নীৰৱেই কাম কৰি আছে জিলাখনৰ বহু সাংস্কৃতিক কৰ্মীয়ে ৷ শেহতীয়াকৈ মক্খো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তিনিটাকৈ বঁটা লাভ কৰিলে ডিফুৰ সন্তান তথা উদীয়মান ছবি নিৰ্মাতা ৰাজ্য টেৰণে
যুৱ চলচ্চিত্ৰ পৰিচালক ৰাজ্য টেৰণে ২০২১ চনৰ মক্খো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘থ্ৰি পিচেছ অৱ লাইফ’ শীৰ্ষক ছবিখনৰ বাবে তিনিটাকৈ পুৰস্কাৰ লাভ কৰিছিল । শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল এই ছবিখনে। থ্ৰী পিচেছ অৱ লাইফ এখন অসমীয়া চুটি ছবি । ৰাজ্য টেৰণৰ কাহিনী আৰু পৰিচালনাৰে মাৰ্লিন ফিল্মছ এণ্ড মিউজিকৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল পূৰ্ণিমা ৰংহাংপিয়ে ৷ব্ৰিটেইন, ফ্ৰান্স, ইউক্ৰেইন, কানাডা, ভাৰত আৰু বাংলাদেশত অনুষ্ঠিত ১৩ খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছে ৷ ইয়াৰ উপৰি দ্বিতীয় নেপাল সাংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০১৯, দ্বিতীয় নগাঁও আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি চলচ্চিত্ৰ মহোৎসৱ-২০১৯, সপ্তম চেন্নাই আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ-২০২০, লালিভা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, স্পেইন-২০২০, লিফ্ট অফ অধিবেশন, যুক্তৰাজ্য-২০২০ , বুকোভিনাৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ইউক্ৰেইন-২০২০, এজেন্টুয়েল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ফ্ৰান্স আৰু মক্খো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ভাৰত ২০২১ তো ছবিখন প্ৰদৰ্শিত হৈছে ৷
২৮ বছৰীয়া ৰাজ্য টেৰণৰ পিতৃৰ নাম ডিম্বেশ্বৰ টেৰণ আৰু মাতৃ পূৰ্ণিমা ৰংহাংপি। থ্ৰী পিচেছ অৱ লাইফ তেওঁৰ দ্বিতীয়খন অসমীয়া ভাষাৰ চুটি ছবি । তেওঁ বহু চুটি ছবিৰ কাহিনী আৰু চিত্ৰনাট্যও ৰচনা কৰিছে। তেওঁৰ আগন্তুক অসমীয়া ছবিৰ কাহিনী আৰু চিত্ৰনাট্যও ৰচনা কৰিছে ৰাজ্য টেৰণে। কাৰ্বি ভাষাতো এখন ছবি নিৰ্মাণৰ পৰিকল্পনা আছে এইগৰাকী যুৱ ছবি নিৰ্মাতাৰ।
