সমষ্টি পুনঃনিৰ্ধাৰণঃ অসমৰ ৰাজনীতিত এলাগী হ'ব নেকি চাহ জনগোষ্ঠী?


 

সমষ্টি পুনৰ নিৰ্ধাৰণে দপদপনি হ্ৰাস কৰিছে নেকি চাহ জনগোষ্ঠীৰ? পূৰ্বৰ তুলনাত ৫সমষ্টিত হ্ৰাস পালে নেকি চাহ জনগোষ্ঠীৰ প্ৰতিপত্তি? বহু ৰাজনৈতিক নেতাৰ ভৱিষ্যত অন্ধকাৰ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণে ৷ চাহ জনগোষ্ঠীৰ ওপৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰভাৱক লৈ চলি আছে প্ৰতিক্ৰিয়া ৷

দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰনৰ খচৰাক লৈ ইতিমধ্যেই ক্ষোভ আৰু অসন্তুষ্টি বৃদ্ধি পাইছে ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত৷ আটছা,আছায়ো সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে চাহ জনগোষ্ঠীক ৰাজনৈতিকভাৱে শোষিত হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ কৰিছে, নিৰ্বাচন আয়োগকো দিছে অভিযোগ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণেৰে লাহোৱাল, বিহালীত চাহ জনগোষ্ঠীৰ ৰাজনৈতিক প্ৰতিপত্তি শেষ ৷ দীৰ্ঘসময় ধৰি লাহোৱালক প্ৰতিনিধিত্ব কৰিছিল পৃথ্বী মাঝিয়ে ৷ বিহালীৰ পৰা দুবাৰকৈ জয়ী হৈছিল অসম বিজেপিৰ বৰ্তমানৰ শক্তিশালী নেতা পল্লৱ লোচন দাস ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে লাহোৱালক বিলুপ্তি কৰা আৰু বিহালীক সংৰক্ষিত কৰাত দুয়োটা সমষ্টিত জনগোষ্ঠীটোৱে ৰাজনৈতিক অধিকাৰ কাললৈ হেৰুৱালে ৷ যাক লৈ বাৰুকৈয়ে অসন্তুষ্ট আটছা ৷ ক্ষুব্ধ কাষ ছাপিছে নিৰ্বাচন আয়োগৰ ৷

আনহাতে তিনিটা সমষ্টি ডিগবৈ,সৰুপথাৰ আৰু ঢেকিয়াজুলিত কমিল চাহ জনগোষ্ঠীৰ ভোটাৰ ৷ চাহ জনগোষ্ঠীৰ ভোটাৰ হ্ৰাস পোৱাত সমষ্টি তিনিটাত চাহ জনগোষ্ঠীৰ নেতা জয়ী হৈ অহাৰ সম্ভাৱনা হ্ৰাস পালে৷ পূৰ্বতে এই তিনিটা সমষ্টিত ৰামেশ্বৰ ধানোৱাৰ, আকলিয়াছ তিৰ্কিৰ দৰে নেতা জয়ী হৈ আহিছিল ৷ জয়ী হৈছিল বিনোদ গোৱালা, যোছেফ তপ্নৰ দৰে নেতা ৷ এতিয়া সেই সম্ভাৱনা হ্ৰাস পাই আহিল৷"এনেকৈ আমাৰ প্ৰতিপত্তি শেষ কৰিবলৈ বিচৰাৰ দৰে অনুভৱ হৈছে ৷ আমাৰ জনগোষ্ঠীটোৰ যি ৰাজনৈতিক অধিকাৰ সেই ৰাজনৈতিক অধিকাৰ আমি লাহে লাহে যেন হেৰুৱাই পেলাইছোঁ ৷ কিন্তু আমি এনে হ’বলৈ দিব নোৱাৰোঁ ৷ সেই কথা স্পষ্ট ৷ আমাক আমাৰ অধিকাৰ লাগিব ৷" —ধীৰাজ গোৱালা, আটছা
ইয়াৰ উপৰিও মৰিয়নি,ৰঙাপাৰাৰ দৰে সমষ্টিতো হ্ৰাস পাইছে চাহ জনগোষ্ঠীৰ ভোটাৰ ৷ যদিও কৈ থকা হৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণে সকলোকে সুৰক্ষিত কৰিছে ঠিক সেইসময়ত এনে ধৰণৰ তথ্য আৰু অভিযোগে বেলেগ বাৰ্তাহে কঢ়িয়াই আনে ৷

Post a Comment

Previous Post Next Post