হোজাইৰ ঠেপেলাগুৰি অঞ্চলত ভয়ংকৰ ঘটনা। হোজাই অভিমুখী AS -02AG -9800 নম্বৰৰ ভাৰ্না গাড়ীত আক্ৰমণ কৰিলে জংঘলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে।
হাতীৰ আক্ৰমণত গাড়ীখনৰ সন্মুখ ভাগ চূৰ্ণ–বিচূৰ্ণ হয়। আক্ৰমণৰ সময়ত বাহনখনৰ ভিতৰত আছিল একেটা পৰিয়ালৰ চাৰিজন সদস্য। গাড়ীখনত থকা শিশুসহ তিনি আৰোহী আহত হয়। হাস্পতাললৈ নিয়াৰ পিছত এটি ৫ বছৰীয়া শিশুৱে কৰুণ মৃত্যুক সাৱটি লয়। ইপিনে দুই শিশুৰ মাক–বাপেকৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা হৈছে।
ভুক্তভোগী পৰিয়ালটোৰ ঘৰ বকলিয়াত আছিল। হোজাই অভিমুখে শহুৰেকৰ ঘৰলৈ গৈ আছিল পৰিয়ালটো। গাড়ীখনৰ নম্বৰ AS -02AG -9800।
