হিমাচল প্ৰদেশৰ ভয়ংকৰ দুৰ্যোগত আবদ্ধ অসমৰ এগৰাকী তবলা বাদক



 অসমৰ তবলা বাদক হিমাচল প্ৰদেশৰ ভয়ংকৰ দুৰ্যোগৰ আবদ্ধ। হিমাচল প্ৰদেশৰ কচৌলী নামৰ এক স্থানত ১৯ জুন তাৰিখৰ পৰা পাৰৱেজ হুছেইনৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক তবলা কৰ্মশালাত ভাগ লবলৈ যোৱা অসমৰ নগাঁৱৰ বঢ়মপুৰৰ নিৰঞ্জন শইকীয়া আজিও আবদ্ধ হৈ আছে হিমাচল প্ৰদেশত।

আজি পৰিৱেশ কিছু উন্নত হোৱাৰ বাবে যাতায়াত আৰম্ভ হৈছে যদিও পথৰ দুৰৱস্থাৰ বাবে কেৱল সৰু বাহনসমূহহে হিমাচল প্ৰদেশৰ পৰা যাতায়াত কৰিবলৈ সক্ষম হৈছে।নিৰঞ্জন শইকীয়া আজি যাত্ৰীবাহী বাছেৰে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰি বেয়া পথৰ বাবে ভোজ নামৰ ঠাইত ৰাষ্ট্ৰীয় পথৰ ওপৰত আৱদ্ধ হৈ আছে। যোৱা চাৰি-পাঁচ দিনে প্ৰকৃতিৰ ভয়ানক ধ্বংসলীলাৰ মাজত আৱদ্ধ হৈ যথেষ্ট বিপদত পৰিছে শইকীয়াসহ আন বহু লোক। আজি হিমাচল প্ৰদেশৰ পৰা নিৰঞ্জন শইকীয়াই অৱগত কৰে পৰিস্থিতিৰ ভয়াৱহতা।

Post a Comment

Previous Post Next Post