এইবাৰ অনন্য ৰূপত আইমী বৰুৱা! সীতাৰ ৰূপ কিয় ধাৰণ কৰিলে অভিনেত্ৰীগৰাকীয়ে?


 অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। প্ৰায়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত অনুৰাগীসকলৰ বাবে আপলোড কৰে আকৰ্ষণীয় ফটো বা ভিডিঅ’। নিজৰ প্ৰতিভাৰে অনুৰাগীক মোহাচ্ছন্ন কৰি আহিছে তাৰকা অভিনেত্ৰীগৰাকীয়ে।

আজি অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা ৰীল। ৰীলটোত অভিনেত্ৰীগৰাকীক এক ব্যতিক্ৰমী ৰূপত দেখা গৈছে। অভিনেত্ৰী আইমী বৰুৱাক ৰীলটোত ৰামায়ণৰ সীতাৰ চৰিত্ৰত দেখা গৈছে। অভিনেত্ৰীগৰাকীক ‘আদিপুৰুষ’ ছবিখনৰ ‘ৰাম চিয়া ৰাম’ শীৰ্ষক গীতটোত অভিনয় কৰা দেখা গৈছে ৰীলটোত। চাওক ৰীলটোঃ


ৰীলটোত অনুৰাগীসকলে ভিন ভিন ধৰণে মন্তব্য কৰিছে। খেনোৱে কৈছে, “সীতা ৰূপত আপোনাক বহুত ধুনীয়া লাগিছে বা”, খেনোৱে ধেমেলীয়াকৈ মন্তব্য কৰিছে, “সকলো ঠিকেই আছে, কিন্তু ৰাম ক’ত?”, খেনোৱে আকৌ প্ৰশংসা কৰি ক’লে, “বহুত ভাল হৈছে আইমী বা। ভাল লাগিছে সঁচাকৈ।” এনেদৰে অনুৰাগীসকলে প্ৰশংসাৰে উপচাই পেলাইছে অভিনেত্ৰীগৰাকীক।

Post a Comment

Previous Post Next Post