নিচা এৰাবলৈ থোৱা নিচামুক্তি কেন্দ্ৰত কিদৰে মৃত্যু হ'ল নৱজিত কলিতাৰ?

 


মহানগৰীৰ দক্ষিণগাঁও আকৰ নিচামুক্তি কেন্দ্ৰত আজি পুৱাই সংঘটিত অঘটনে ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে ৷ আকৰ নিচামুক্তি কেন্দ্ৰটোত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ ৷ মৃত যুৱকজন তিনি দিন পূৰ্বে নিচামুক্তি কেন্দ্ৰটোলৈ  আহিছিল ৷ যুৱকজনৰ নাম নৱজিত কলিতা ৷ ঘৰ শিলপুখুৰীত ৷ অত্যধিক সুৰা সেৱনৰ বাবে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল নিচামুক্তি কেন্দ্ৰটোত ৷

পিছে, তিনি দিন পূৰ্বে ভৰ্তি কৰা যুৱকজনৰ হঠাৎ কেনেকৈ মৃত্যু হ’ল সেই বিষয়ত এক ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ সন্দেহ এয়া এক হত্যাকাণ্ড ৷ কিয়নো যুৱকজনৰ দেহত পোৱা গৈছে কেইবা স্থানত আঘাত ৷ হয়টো মাৰপিটৰ ঘটনা সংঘটিত হ’ব পাৰে বুলি সন্দেহ পৰিয়ালৰ ৷

পৰিয়ালৰ এনে সন্দেহৰ সময়তে নিউজ১৮ ৰ সাংবাদিকৰ চৰজমিন তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ মঙলবাৰে নিশা হঠাৎ যুৱকজন কঁপিবলৈ আৰম্ভ কৰিছিল ৷ কঁপি থকা যুৱকজনক তৎক্ষণিকভাৱে কেন্দ্ৰটোৰ এগৰাকী কৰ্মীয়ে খুৱাই দিছিল এটা টেবলেট ৷ কি টেবলেট খুৱাইছিল সেয়া আনকি নাজানে কৰ্মীগৰাকীয়েও ৷ মাথোঁ জানে টেবুলত পৰি থকা এটা টেবলেট খুৱাইছিল ৷ টেনলেটটো খোৱাৰ পিছত অচেতন হৈ পৰিছিল যুৱকজন ৷ সংজ্ঞাহীন পৰি থকা যুৱকজনক তাৰ বহুসময় পিছত লৈ যোৱা হৈছিল হায়াট হাস্পতালত ৷

কিন্তু হায়াট হাস্পতালত চিকিৎসা আৰম্ভ কৰাৰ পূৰ্বে  মৃত ঘোষণা কৰে যুৱকজনক ৷ যুৱকজনৰ এনে তৎক্ষণিক মৃত্যুৰ পিছতে আতংকিত হৈ পৰিছে পৰিয়ালৰ লোক ৷ পৰিয়ালৰ মতে, নিচাসক্ত যুৱকজনক নিচা এৰিবৰ বাবে কেন্দ্ৰটোলৈ প্ৰেৰণ কৰা হৈছে মৃত্যুৰ বাবে নহয়। একেদৰে নিচামুক্তি কেন্দ্ৰটোত উপযুক্ত সা সুবিধা নথকাৰ অভিযোগ এণ্টি ড্ৰাগছ এণ্ড প্ৰহিবিশ্যন কাউন্সিলৰ উপাধ্যক্ষ জিতু বৰগোহাঁইৰ ৷



Post a Comment

Previous Post Next Post