শামুক আৰু মাটি মাহৰ খাৰৰ আঞ্জা : সোৱাদ লৈছেনে কেতিয়াবা ?

  


অসমভূমিত বসবাস কৰা প্ৰতিটো জনগোষ্ঠী বা ভূমিপুত্ৰসকলৰ যিদৰে আছে নিজস্ব কৃষ্টি-সংস্কৃতি, লোকাচাৰ ঠিক তেনেদৰে প্ৰতিটো জনগোষ্ঠীৰে আছে নিজা নিজা সুস্বাদু ব্যঞ্জনো ৷ কাৰ্বি আৰু বড়ো সমাজত প্ৰচলিত এক অতি সুস্বাদু ব্যঞ্জন হ’ল গোল শামুক আৰু মাটি মাহৰ খাৰৰ আঞ্জা।

অসমৰ ভূমিপুত্ৰ বড়োসকলৰ আটাইতকৈ প্ৰিয় ব্যঞ্জন হৈছে শামুকৰ ব্যঞ্জন। সেইবাবে তেওঁলোকে অসমত থকা সৰু বৰ নদ-নদী, পুখুৰী, বিলবোৰত গৈ মাছৰ লগতে শামুক বুটলি আনে। শামুক হৈছে মোলাস্কা (Mollusca) প্ৰজাতিৰ এবিধ কোমল দেহী প্ৰাণী। এই প্ৰাণী বিধ গ্যাষ্ট্ৰোপোডা (Gastropoda) শ্ৰেণীৰ অন্তৰ্ভুক্ত। শামুক সাধাৰণতে এটা কঠিন খোলাৰ মাজত সোমাই থাকে।


সাধাৰণতে শামুক বুলিলে স্থলচৰ, সামুদ্ৰিক আৰু পানীৰ শামুককে বুজায়। অসমৰ লোকে কেৱল পানীত পোৱা শামুকহে খোৱা দেখা যায়। পানীত পোৱা শামুক আকৌ তিনি ধৰণৰ। দীঘল শামুক , গোল শামুক ডাঙৰ আৰু গোল শামুক মধ্যম। শামুক আঞ্জাক চুমাৰ আঞ্জা বুলিও বহুতে কয়। সাধাৰণতে কাৰ্বি লোকসকলে শামুকৰ আঞ্জা খোৱাটো নিষিদ্ধ। কাৰ্বি সমাজত ‘‘ছে কাৰক্সী’’ অৰ্থাৎ পূজাৰ লগত সংগতি ৰাখি শামু , কেকোৰা আদি চুৱা বুলি গণ্য কৰা হয়। বৰ্তমান কাৰ্বি সমাজতো ঘৰৰ পূজাৰীক বাদ দি বাকীসকল সদস্যই শামুকৰ আঞ্জা খোৱা দেখা যায়।৫০০ গ্ৰাম মধ্যম গোল শামুক। আঞ্জা ৰন্ধা এদিন আগত শামুকবোৰ চাফা পানীত ডুবাই থ’ব লাগে। পিছদিনা শামুকবোৰ মুখৰ ঢাকনি বেজিৰে উলিযাই পেলাব লাগে, লগতে পিছ ফালেও কাটি ল’ব লাগে। ইয়াৰ পাছত যেতিয়ালৈ শামুকৰ খোলাটো বগা চাফা নহয়, তেতিয়ালৈ চাফা পানীৰে ধুব লাগে । এতিয়া ১০০ গ্ৰাম মাহৰ দাইল ২-৩ বাৰ পানীৰে ধুব লাগে। ইয়াৰ পিছত দাইলখিনি সিজাই তাত এচামুছ চডা খাৰ দিব।

শামুক আৰু মাহৰ দাইলৰ আঞ্জাত দিয়া মচলা:

১/ ৪-৫ টা শুকান ৰঙা জলকীয়া, ২/ ৪-৫ চামুছ মিঠাতেল, ৩/ আদা+নহৰু+জিৰা+কেচা জলকীয়া পেষ্ট, ৪/ মজলীয়া পিয়াজ ২টা, ৫/ এখিলা তেজপাত, ৬/ নিমখ আৰু হালধি জোখ অনুসৰি ৷ পিঁয়াজখিনি তেলত ৰঙচুৱাকৈ ভাজি ল’ব। মছলা পেষ্টখিনি পিয়াঁজৰ সৈতে কেই চেকেণ্ডমান ভাজি জোখৰ নিমখ, হালধি আৰু তেজপাত দিব। কেৰাহিত শামুকখিনি দি ভালদৰে পানীখিনি শুহি নোযোৱালৈকে ভাজি ল’ব। শেষত কেৰাহিত শামুকখিনি ডুবি যোৱাকৈ পানী দি ১০ মিনিট উতলাই ৰাখিব।

Post a Comment

Previous Post Next Post