অসম কন্যা উমা চেত্ৰীৰ গৌৰৱময় যাত্ৰা। দৃঢ়তা আৰু কঠোৰ অনুশীলনৰ ফলত আগন্তুক বাংলাদেশৰ সৈতে হ’ব লগা ৩ খন T20 খেল আৰু ODI series ত ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ উমা চেত্ৰীৰ। ভাৰতীয় ODI series ত ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ বোকাখাতৰ কান্ধুলিমাৰি গাঁৱৰ লোক বাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ কন্যা উমা চেত্ৰীৰ।
বোকাখাতৰ এখন অতি ভিতৰুৱা গাঁৱৰ পৰা গৈ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা উমা চেত্ৰী। উমাৰ সাফল্যৰ আঁৰত আছে দুই প্ৰশিক্ষক ৷ ২০১১ চনতে কান্ধুলিমাৰি গাঁৱৰ পৰা ওলাই আহি হাতত ক্ৰিকেট বেট তুলি লোৱা উমা চেত্ৰীক ক্ৰিকেটৰ অ আ ক খ শিকাই এগৰাকী সুদক্ষ ক্ৰিকেটাৰ হোৱাত এই দুয়োগৰাকী প্ৰশিক্ষকৰ যথেষ্ঠ অৰিহণা আছিল।জকাইচুকৰ পৰা বিশ্ব দৰবাৰলৈ দুৰন্ত উমাৰ অবিৰত যাত্ৰা। বোকাখাতৰ কান্ধুলীমাৰিৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ এই বোকাময় পথচোৱা অতিক্ৰম কৰি প্ৰথমে গুৱাহাটী, তাৰ পাছত, দিল্লী, মুম্বাই। উমাৰ এই যাত্ৰাত আনন্দৰ বন্যা বৈছে উমা ছেত্ৰীৰ পিতৃ-মাতৃৰ লগতে গাঁওবাসীৰ মাজত ৷ বোকখাতৰ উমা চেত্ৰীয়ে ক্ৰিকেটৰ মহিলা দলত স্থান লাভ কৰাত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওক সকলো সহযোগিতা কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰায়ো।
