অসমীয়া ছবি জগতত অভিলেখ সৃষ্টি কৰি ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’এ অভূতপূৰ্ব সফলতা লাভ কৰা সময়তেই অভিনেতা গৰাকীৰ এটা বৃহৎ ঘোষণা ৷ যি ঘোষণাই অভিনেতা গৰাকীৰ অনুৰাগী সকলৰ অন্তৰত আঘাত দি যাব। ৰবি শৰ্মাই সামৰণি মাৰিব অভিনয় জীৱনৰ। হয় আপুনি ঠিকেই শুনিছে। কিন্তু ৰবি শৰ্মাই ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয় জগতৰ পৰাহে বিদায় মাগিব খুজিছে।
ছবি জগতৰ পৰা নহয়। কিন্তু অহা এটা বছৰ শেষবাৰৰ বাবে আপুনি ৰবি শৰ্মাৰ বলিষ্ঠ অভিনয় উপভোগ কৰিবলৈ পাব হেঙুলৰ মঞ্চত। দীৰ্ঘ বিৰতিৰ পাছত হেঙুল থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমাণৰ মঞ্চলৈ উভতি অহা ৰবি শৰ্মাই হঠাতে নিজৰ এই সিদ্ধান্ত ঘোষণা কৰে। উল্লেখ্য যে অসমৰ আগশাৰীৰ নাট্যদল হেঙুল থিয়েটাৰে ছয়ত্ৰিছ সংখ্যক ২০২৩-২০২৪ নাট্যবৰ্ষৰ আখৰা শিবিৰ মুকলি কৰিছে।
এবছৰৰ বাবে নাট্য দলটোৰ লগত চুক্তিত আৱদ্ধ হৈছে অভিনেতা ৰবি শৰ্মা। নাট্য মহীৰূহ প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ স্মৃতি বিজড়িত হেঙুলৰ মঞ্চত এইবাৰ মঞ্চস্থ হ’ব ভিন্ন ৰসেৰে পৰিপূৰ্ণ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ‘‘চকু’’, ৰাজদ্বীপৰ ‘‘বনৰজা’’ আৰু প্ৰনৱ বৰুৱাৰ ‘‘আঁকৰী তই পগলা মই’’ শীৰ্ষক নাট তিনিখন। উল্লেখ্য যে অভিজিৎ ভট্টাচাৰ্যৰ মঞ্চ সফল জনপ্ৰিয় ‘‘চকু’’ নাটখন পুনৰ হেঙুলৰ মঞ্চত নতুন ৰূপত মঞ্চস্থ হ’ব। পূৰ্বৰ নাটখনতো ৰবি শৰ্মাই অভিনয় কৰাৰ লগতে ১৬ বছৰ পাছত পুনৰ একেখন নাটকত অভিনয় কৰিব ৰবি শৰ্মাই।১৬ বছৰৰ পাছত একেখন নাটকত একেজন অভিনেতাই অভিনয় কৰা ঘটনা অসমৰ ভ্ৰাম্যমাণ জগতত পোনপ্ৰথম বাৰৰ বাবে হোৱা বুলি ৰবি শৰ্মাই উল্লেখ কৰি নাটখনত ন-ৰূপত অভিনয় কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰোৱা বুলি প্ৰকাশ কৰে। মৰিয়নিৰ হেঙুলৰ মঞ্চতে ভ্ৰাম্যমাণ অভিনয় জীৱন আৰম্ভণি কৰি হেঙুলৰ মঞ্চতে ভ্ৰাম্যমাণৰ অভিনয় জীৱন সামৰণি মাৰিবলৈ পাই অত্যন্ত সুখী বুলি প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে।পৰিয়াল আৰু সন্তানক সময় দিয়াৰ লগতে ছবি নিৰ্মাণৰ কামত অধিক মনোযোগ দিবৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই।
