মাহে ক'মেও ২০ খনকৈ মাৰ্চিডিজ বিক্ৰী হয় গুৱাহাটীত


  

বিলাসী এখন গাড়ী ক্ৰয় কৰাৰ সপোন বহুতৰে থাকে। বহুতৰ বাবে বিলাসী গাড়ী ক্ৰয় কৰাটো এক যেন সপোন। দেশৰ লগতে উত্তৰ পূবতো বাঢ়িছে বিলাসী গাড়ীৰ বিক্ৰী। হয়, উত্তৰ-পূবৰ অসমৰ লগতে বহুকেইখন ৰাজ্যত এতিয়া বিলাসী গাড়ী ক্ৰয়ৰ সপোন দেখিছে বহু লোকে।

উত্তৰ-পূবৰ একমাত্ৰ মাৰ্চিডিজ গাড়ীৰ এইটো শ্ব’ৰূম। অসম মাৰ্চিডিজ মটৰচ। গুৱাহাটীৰ বেহাৰবাৰীস্থিত এইটো শ্ব’ৰূমৰ পৰাই উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ বাসিন্দাই ক্ৰয় কৰিছে মাৰ্চিডিজৰ দৰে বিলাসী গাড়ী। প্ৰতিমাহে ১৫-২০ খনকৈ গাড়ী বিক্ৰী হয় মাৰ্চিডিজৰ শ্ব’ৰূমটোত।

বিশেষকৈ বিলাসী গাড়ী মাৰ্চিডিজৰ মডেল SUV GLA, GLC, GLE, GLS লগতে C CLASS, E CLASS ৰ গাড়ী অধিক ক্ৰয় কৰিছে গ্ৰাহকসকলে। অসমৰ লগতে মেঘালয়, মণিপুৰ, নাগালেণ্ডৰ অধিক গ্ৰাহকৰ বাবে বিলাসী গাড়ীৰ মন পচন্দৰ ব্ৰেণ্ড মাৰ্চিডিজ।

অন্যহাতে অসমৰ গুৱাহাটী মহানগৰৰ বাহিৰেও উজনি অসম আৰু মেঘালয়ত অধিকভাৱে বিক্ৰী হৈছে মাৰ্চিডিজ ব্ৰেণ্ডৰ গাড়ী। ২০১৬ চনৰ ডিচেম্বৰ মাহত মুকলি কৰা হৈছিল অসম মটৰচ মাৰ্চিডিজ শ্ব’ ৰূমটো। অসম মাৰ্চিডিজৰ পৰা বৰ্তমানলৈকে ১০০০ৰো অধিক গাড়ী বিক্ৰী হৈছে।

Post a Comment

Previous Post Next Post