কাজিৰঙা পাৰ হওতে সাৱধান! বাহনৰ বেগৰ কাটাই ৪০ অতিক্ৰম কৰিলেই আপোনালৈ যাব ই-চালান


 

এতিয়াৰে পৰা কাজিৰঙাৰ মাজেৰে পাৰ হওতে সাৱধান হওঁক । আপোনাৰ বাহন ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগেৰে গলেই আপোনালৈ যাব ই চালান ৷ কিয়নো কাজিৰঙাত পুনৰ সক্ৰিয় হল চেঞ্চৰ কেমেৰা । বিগত প্ৰায় তিনিমাহ ধৰি বিকল হৈ থকা চেঞ্চৰ কেমেৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশিত হৈছিল Local 18 ত ।

বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৬ টাকৈ এনিমেল কৰিডৰত সংস্থাপন কৰা হৈছিল অত্যাধুনিক চেঞ্চৰ কেমেৰা । প্ৰায় ১৮ কোটি টকা ব্যয়েৰে অপটিকেল কেমেৰা, থাৰ্মল কেমেৰা, স্পীড চেঞ্চৰ, স্পীড ৰিডাৰকে আদি কৰি ২১ বিধ বিভিন্ন সামগ্ৰী প্ৰতিটো কৰিডৰতে সংস্থাপন কৰাৰ বাবে ২০১৮ চনত দায়িত্ব দিয়া হৈছিল Dithilogic নামৰ হায়দৰাবাদৰ এটা কোম্পানীক ।

কলিয়াবৰৰ ৰাঙলুৰ পৰা বোকাখাতৰ বৰজুৰিৰ মাজত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্পৰ্শকাতৰ ৬ টাকৈ এনিমেল কৰিডৰত গাড়ীৰ গতিবেগ নজৰত ৰাখি ঘন্টাত ৪০ কি.মি কৰাৰ অৰ্থে এই কেমেৰাসমূহ সংস্থাপন কৰা হৈছিল । চেঞ্চৰ কেমেৰাসমূহ Automatic Number Plate Recognizing (ANPR) হোৱাৰ বাবে গাড়ীৰ নাম্বাৰপ্লেট চিনাক্ত কৰি পৰিবহণ বিভাগৰ জৰিয়তে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই‌ ।


যাৰ বাবে কাজিৰঙাত বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল গাড়ীৰ গতিবেগ । কেৱল ইমানেই নহয় এনিমেল কৰিডৰত সংঘটিত হোৱা যিকোনো গতিবিধি,দৃশ্য বন্দী হৈছিল এইসমূহ কেমেৰাত । হায়দৰাবাদৰ কোম্পানীটোক চোৱাচিতা তথা মেৰামতিৰ বাবদ দিবলগীয়া বছেৰেকীয়া ধন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোকোলাই নিদিয়াৰ বাবে প্ৰায় তিনিমাহ বিকল হৈ পৰি ৰৈছিল চেঞ্চৰ কোমেৰাসমূহ । এতিয়া পুনৰ কেমেৰাসমূহ সক্ৰিয় হোৱাত বন্যপ্ৰাণীৰ জীৱন সুৰক্ষিত হব বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

Post a Comment

Previous Post Next Post