বিজেপিত যোগদান কৰাৰ বাদে গত্যন্তৰ নাই গৌৰৱ গগৈৰ ! বিধানসভাৰ উপাধ্যক্ষ ডা৹ নোমল মমিনৰ গৌৰৱ গগৈলৈ প্ৰস্তাৱ


 

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাত কলিয়াবৰ সংসদীয় সমষ্টিক কাজিৰঙা কৰাৰ প্ৰস্তাৱ ৷ পুনৰ নিৰ্ধাৰণে সলাই পেলোৱা কলিয়াবৰৰ ৰাজনৈতিক মানচিত্ৰই গৌৰৱ গগৈলৈ কঢ়িয়াইছে বৃহৎ প্ৰত্যাহ্বান ৷ সংখ্যালঘুৰ ভোটবেংকৰ ওপৰত হোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত গৌৰৱ গগৈয়ে সলাব লাগিব নেকি নিজৰ টেগ? ইয়াৰ মাজতে গৌৰৱ গগৈলৈ বিজেপিৰ প্ৰস্তাৱ ৷


ৰাজনীতিৰ টেগ সলাব নেকি গৌৰৱ গগৈয়ে? মুছলমান ভোটেৰে জয়ী হোৱাৰ টেগ! ৩গগৈৰ ৰাজনীতিৰে টেগ আঁতৰোৱাৰ চেষ্টা নেকি গৌৰৱ গগৈৰ ? এই প্ৰশ্ন কেইটাৰ অৱতাৰণা হোৱাৰ মূলতে সমষ্টি পুনৰ নিৰ্ধাৰণ ৷ নতুন ৰাজনৈতিক মানচিত্ৰৰে অসমত অনুষ্ঠিত হ’ব লগীয়া ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ ৷ কলিয়াবৰক কাজিৰঙা কৰি প্ৰকাশ কৰা খচৰাত গৌৰৱ গগৈক জয়ী কৰোৱা ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰিক আঁতৰাই দিয়া হৈছে কলিয়াবৰৰ পৰা ৷ ২০১৯ৰ নিৰ্বাচনত মণিমাধৱ মহন্ততকৈ গৌৰৱ গগৈয়ে ধিঙত ডেৰ লাখ, ৰূপহীহাটত ১লাখ ২২হাজাৰ ভোট বেছি পাইছিল ৷ দেশত প্ৰৱল মোদী ঢৌ থকা স্বত্তেও কলিয়াবৰ সংসদীয় সমষ্টিত বিজেপি মিত্ৰজোঁটে মুখ থেকেছা খোৱা যি কেইটা বিধানসভা সমষ্টি আছিল সেই কেইটা এইবাৰ প্ৰস্তাৱিত কাজিৰঙা লোকসভাত নাই ৷ গৌৰৱ গগৈৰ অনুকুলে থকা বিধানসভাবোৰ নথকাত গগৈয়ে নগাঁও বা যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি এতিয়া চৰ্চা চলিছে ৷

বহুতেই ক’ব বিচাৰে মুছলমান ভোটৰে নিৰ্বাচনত জয়ী হোৱাৰ টেগ আঁতৰাব লাগিব গৌৰৱ গগৈয়ে ৷ শেহতীয়াকৈ তিনি গগৈৰ চৰ্চিত ৰাজনীতিকো বহুতে ক’ব বিচাৰিছে গৌৰৱ গগৈৰ এয়া টেগ আঁতৰোৱাৰ আখৰা বুলি ৷ ইয়াৰ মাজতে বিধানসভাৰ উপাধ্যক্ষ ডা৹ নোমল মমিনৰ গৌৰৱ গগৈলৈ প্ৰস্তাৱ ‘বিজেপিলৈ আহক গৌৰৱ গগৈ’ ৷ বিজেপি বিনে গত্যন্তৰ নাই গৌৰৱ গগৈৰ ৷’ বোকাজানৰ বিধায়ক গৰাকীয়ে লগতে ক’লে, “কংগ্ৰেছৰ মুছলমান তুষ্টিকৰণ ৰাইজে দেখিলে, ৰাইজে জানে কংগ্ৰেছৰ লুঙি-টুপীৰ ৰাজনীতি ৷ আৰু সেই কংগ্ৰেছেই এতিয়া উজনিত কৰিব বিচাৰিছে গগৈ ৰাজনীতি ৷”


বিজেপি নেতা নোমল মমিনে দিয়া অফাৰ গ্ৰহণ গৌৰৱ গগৈয়ে নকৰে বুলি হয়তো ডা৹ মমিনেও জানে ৷ কিন্তু গৌৰৱ গগৈয়ে সচাকৈয়ে সলাব নেকি ৰাজনীতিৰ টেগ ৷ ৰাজনীতিৰ টেগ গৌৰৱ গগৈয়ে নিজেই নসলালেও হয়তো লাহে লাহে পৰিৱৰ্তিত পৰিস্থিতিয়েই আহি থকা সময়ত গৌৰৱ গগৈৰ দৰে নেতাৰ সলাব টেগ ৷

Post a Comment

Previous Post Next Post