দ্বিতীয় এছিয়া যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৩ ত ডিব্ৰুগড়ৰ জগদীশ ভড়ালীৰ দেশৰ হৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । কিছুমান মানুহ খুবেই সহজলভ্য , অতি সহজসৰল , একদম সৰ্বসাধাৰণভাবে থাকি ভাল পায় , কোনো অহংকাৰ নাই , কামৰ ব্যস্ততাত থাকি ভাল পায় ৷ তেনে এজন ব্যক্তিয়েই হ’ল জগদীশ ভৰালী ।
পৰম্পৰাগত গোটত জগদীশ ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।ভিয়েটনাম, থাইলেণ্ড, হংকং, ইৰাণ আৰু চীনৰ কেইবাজনো প্ৰতিযোগীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দ্বিতীয় এছিয়া যোগাসন চেম্পিয়নশ্বিপৰ ৫০ বছৰৰ গ্ৰুপত ভাৰতৰ হৈ পদক লাভ কৰে ডিব্ৰুগড়ৰ খেলুৱৈজনে । থাইলেণ্ডৰ বেংককৰ ‘হোটেল আলেকজেণ্ডাৰ’ত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাখনি ।
দ্বিতীয় এছিয়া যোগাসন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা জগদীশ ভড়ালী ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ ফটো সাংবাদিক আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া হিচাবে জড়িত হৈ আছে । জগদীশ ভৰালী যদিও জন্মসুত্ৰে নলবাৰীৰ বলোৱাৰ কিন্তু কৰ্মসুত্ৰে তেওঁ এতিয়া নিজা ডিব্ৰুগড়ৰ মাটিবাৰী স্থায়ী বাসিন্দা ৷ জগদীশ ভৰালীয়ে ডিব্ৰুগড়ত ১৯৯৯ চনৰ পৰা ফটো সাংবাদিক হিচাবে কাম কৰি আহিছে । জনসাধাৰণ, আজিৰ দৈনিক বাতৰি , নিয়মীয়া বাৰ্তা কাকতৰ ফটোগ্ৰাফাৰ হিচাপে কাম কৰি আহিছে ভৰালীয়ে ৷
ইয়াৰ পূৰ্বে হাৰিয়ানাত অনুস্থিত আন্তঃৰাষ্ট্ৰীয় যোগাসন স্পৰ্টচ চেম্পিয়নশ্বিপত ভাৰতবৰ্ষৰ হৈ জগদীশ ভৰালীয়ে অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিছিল । কেতিয়াও ভাগৰি নপৰা জগদীশে ককায়েক মহিধৰ ভৰালীক বুক ষ্টলত সহায় কৰি দিছিল ৷ পিছলৈ নিজাববীয়াকৈ জেৰক্স, লেমিনেশ্বন , ফটো তোলা ,ষ্টেচনাৰী দোকানৰ ব্যৱসায় আৰম্ভ কৰে ৷ জগদীশ ভৰালী যোগাসনত উত্তৰ পুৰ্বাঞ্চল তথা ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় প্ৰায় ছয়বাৰ এচিয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্ৰঞ্জ আৰু সোণৰ পদকেৰে সন্মানিত হৈছে ৷
