সেউজ কাৰ্বি আংলং ক্ৰীড়াৰ ক্ষেত্ৰখনত আজিও বৰ বিশেষ ধৰণে আগবঢ়া নহয় ৷ অৱশ্যে শেহতীয়াকৈ জিলাখনৰ নতুন প্ৰজন্মৰ ক্ৰীড়াৰ প্ৰতি আগ্ৰহ পৰিলক্ষিত হোৱাটো এক শুভ লক্ষণ বুলিব পাৰি ৷ জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত ডিফুৰ কাছা ষ্টেডিয়ামত জিলা পৰ্যায়ৰ আন্তঃবিদ্যালয় গ্ৰীষ্মকালীন ফুটবল প্ৰতিযোগিতা ২০২৩ চলি আছে ।
প্ৰতিযোগিতাখন পাঁচটা মণ্ডলৰ আধাৰত অনুষ্ঠিত হৈছে ৷ এই পাঁচটা মণ্ডল হ’ল- বালিপথাৰ, ডিফু, লাংহিন, হাওৰাঘাট আৰু বকলীয়া । ১৭ বছৰ অনুৰ্ধ শাখাত দেইথোৰ এইচ এছ স্কুল, ডি এ ভি এইচ এছ স্কুল ডিফু, হাওৰাঘাট ই এম স্কুল, বকলীয়া বাহানী আদৰ্শ এইচ এছ স্কুল আৰু লাংহিন পামগাঁও এইচ এছ স্কুলে খেলিব ।
আনহাতে ১৪ বছৰ অনুৰ্ধ শাখাত ডংকাচিংথু সোণাপুৰ বি এম এম ই স্কুল, ৰজাপথাৰ এইচ এছ স্কুল, চেইণ্ট মেৰীজ ইংৰাজী স্কুল, হাওৰাঘাট এইচ এছ স্কুল আৰু ধনশিৰি এম ই স্কুলক দেখা যাব । ডি এছ অ’ ৰেলিপ ৰংহাঙে জনোৱা মতে, সকলোৱে মিলি ১৪ বছৰ অনুৰ্ধ শাখাৰ ২৫খন বিদ্যালয় আৰু ১৭ বছৰ অনুৰ্ধ শাখাৰ ৫৪খন বিদ্যালয়ে জ’নেল পৰ্যায়ত খেলিছিল ।আজিৰ ১৭ বছৰ অনুৰ্ধ শাখাৰ খেলত ডি এ ভি এইচ এছ স্কুল ডিফুৱে হাওৰাঘাট ই এম এইচ এছ স্কুলক ৪-০ গ’লত পৰাস্ত কৰে । ডি এ ভিৰ হৈ আৰ্চিম হান্সে, ৰেনছিং টিছ’, হাৰবামন ৰংফাৰ আৰু চেছং টেৰাঙে এটাকৈ গল দিয়ে । দ্বিতীয়খন খেলত বকলীয়া বাহানী আদৰ্শ এইচ এছ স্কুল ৬-০ গলত পৰাজয়ৰ সন্মুখীন হয় লাংহিন পামগাঁও এইচ এছ স্কুলৰ হাতত ।
