ভাৰতীয় ফৌজাদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কামৰূপ জিলাৰ জিলা দণ্ডাধীশে আৰোপ কৰিলে নিষেধাজ্ঞা। এই নিষেধাজ্ঞা অনুসৰি, ৩ জুলাইৰ ৰাতি ৮ বজাৰ পৰা ৪ জুলাই সন্ধিয়া ৬ বজালৈ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিৰ পৰা শৰাইঘাট দলঙলৈ ডাম্পাৰ, ট্ৰাক তথা অন্যান্য মালবাহী গধুৰ যানবাহন চলাচল কৰিব নোৱাৰিব।
ইয়াৰ লগতে কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কীৰ্তি জল্লীয়ে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত অহা ৪ জুলাইত কামৰূপ জিলাৰ পৰিসীমাৰ ভিতৰত থকা আকাশমাৰ্গত ভাৰতীয় ফৌজাদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সকলোধৰণৰ মানৱবিহীন আকাশী যান–ড্ৰোন উৰণৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে।
এই নিষেধাজ্ঞা আৰোপ কৰাৰ কাৰণ হৈছে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অসম আগমন। কাইলৈ ৪ জুলাইত ভাৰতীয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ ২৫সংখ্যক সমাৱৰ্তন উপলক্ষে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিব। তেওঁৰ আগমনৰ পৰিপ্ৰেক্ষিতত যানবাহনৰ চলাচল সুচলতৰ কৰাৰ বাবে কামৰূপ জিলাৰ জিলা দণ্ডাধীশে এই নিষেধাজ্ঞা আৰোপ কৰে। এই নিষেধাজ্ঞা ভংগকাৰীৰ বিৰুদ্ধে তাৎক্ষণিক পদক্ষেপ লোৱাৰ ব্যৱস্থাৰ কথাও নিৰ্দেশনাটোত উল্লেখ আছে।
