মাজত মাত্ৰ ৪৫ দিন! ৪৫ দিনৰ ভিতৰত পেটুৱা, মেদবহুল আৰক্ষীয়ে সলনি কৰিব লাগিব শৰীৰ


 

শাৰীৰিক সন্তুলন অটুট ৰাখিব লাগিব অসম আৰক্ষীৰ সকলো বিষয়া তথা জোৱানে। শাৰীৰিক সন্তুলন অটুট ৰাখি কমাব লাগিব পেট, মেদবহুলতা ৷ যাৰ বাবে যোৱা ১৬ মে’ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে কৰিছিল এক টুইট ৷ টুইটটোত মেদবহুল, শকত, পেটুৱা আৰক্ষীৰ বিভাগত কোনো কাম নাই বুলি উল্লেখ কৰিছিল ৷ যাৰ লগে লগে আৰক্ষী বিভাগত সৃষ্টি হৈছিল জোকাৰণি ৷

যি টুইটৰ ভিক্তিত অহা ১৬ আগষ্টত আৰক্ষীসকলৰ হব এক বিশেষ পৰীক্ষা ৷ যি পৰীক্ষাক একপ্ৰকাৰ আৰক্ষীৰ অগ্নি পৰীক্ষা আখ্যা দিব পাৰি ৷ ১৬ আগষ্টলৈ মাজত মাত্ৰ ৪৫ দিন বাকী থকা অৱস্থাত আজি দেওবাৰে পুনৰ এক টুইট যোগে পুনৰ সঞ্চালক প্ৰধানগৰাকীয়ে মনত পেলাই দিয়ে প্ৰতিগৰাকী আৰক্ষীক ৷ কিয়নো ৪৫ দিন পাছত অৰ্থাৎ ১৬ আগষ্টত ৰাজ্যৰ মুঠ ৩৬ টা স্থানত ৰাজ্যৰ ২০০ৰো অধিক আৰক্ষীৰ বিষয়া-কৰ্মাচাৰীৰ লোৱা হব BMI । সঞ্চালক প্ৰধানগৰাকীৰ এই স্থিতি যদি দৃঢ় হয়, অৰ্থাৎ BMIৰ নিৰ্দিষ্ট মাপৰ হেৰফেৰ যদি হয়, তেন্তে নিশ্চিতভাৱে চাকৰিৰ পৰা অব্যাহতি ল’ব লাগিব বহুকেইগৰাকী মেদবহুল বিষয়া-কৰ্মচাৰীয়ে ।

উল্লেখ্য যে, আৰক্ষীৰ BMI বিকশিত পেটটোক লৈ বিপাঙত আৰক্ষী বিভাগৰ বুজন সংখ্যক বিষয়া কৰ্মচাৰী। আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙৰ টুইটে ইতিমধ্যে চিন্তিত কৰি তুলিছে আৰক্ষী বিভাগক। অতি ক্ষিপ্ৰতাৰে কাম কৰিব পৰা, পাহাৰ ভৈয়ামৰ যি কোনো পথ-জংঘলত দৌৰা দৌৰি কৰিব পৰাকৈ শাৰীৰিকভাৱে সক্ষম হৈ থাকিলেহে আৰক্ষীয়ে সফলতা লাভ কৰিব পাৰে। কিন্তু ডিজিপিৰ টুইটোৱে ইংগিত দিলে অসম আৰক্ষীত এতিয়াও মেদবহুল বিষয়া কৰ্মচাৰীৰ সংখ্যা কম নাই।


Post a Comment

Previous Post Next Post