অসম চৰকাৰৰ বিত্ত মন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি পূব যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামস্থলীত নিৰ্মাণৰত লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় ৷
লোকনিৰ্মাণ বিভাগৰ সহযোগত আহলুৱালিয়া কনষ্ট্ৰাকশ্বন প্ৰাইভেট লিঃ কোম্পানীয়ে প্ৰায় ডেৰশ কোটি টকাৰ বৃহৎ প্ৰকল্পটোৰ কাম হাতত লৈ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে ৷ পোন প্ৰথমবাৰৰ বাবে অভিভাৱক মন্ত্ৰীগৰাকীয়ে প্ৰায় পঞ্চাশ বিঘা ভূমি আগুৰা প্ৰকল্পস্থলী প্ৰত্যক্ষ কৰি বিভাগীয় বিষয়া আৰু নিৰ্মাণকাৰী সংস্থাৰ পৰা কামৰ খতিয়ান বিচাৰে
বিষয়াসকলে মন্ত্ৰীগৰাকীক জানিবলৈ দিয়া মতে প্ৰকল্পটোৰ চিভিল ৱৰ্ক এই পৰ্যন্ত বাৰ শতাংশ সম্পূৰ্ণ হৈছে ৷ আনহাতে লাচিত বৰফুকনৰ বৃহদাকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা হৈছে ৷ ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলিও মন্ত্ৰীক আশ্বাস দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ইয়াৰ পূৰ্বে যোৰহাট জিলা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী নেওগে যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত, জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা উৎপল বৰঠাকুৰ তথা অন্যান্য বিষয়াবৰ্গ সহিতে আহি পোনে পোনে বীৰগৰাকীৰ মৈদামত সেৱা লৈ মলুঙৰ আৰ্শীবাদ গ্ৰহণ কৰে ৷ তাতেই লাচিত মৈদাম সংৰক্ষণ সমিতি আৰু নিৰ্মাণকাৰী সংস্থাই পৃথকে মন্ত্ৰীক আদৰণি জনায় ৷
ইপিনে পৰিদৰ্শনৰ পাচত সংৰক্ষণ সমিতি, নিৰ্মাণকাৰী সংস্থা আৰ বিভাগীয় বিষয়াৰ লগত মন্ত্ৰীগৰাকীৰে হোৱা এক চমু আলোচনাত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো যাতে কোনো কাৰণতে বিকৃত নহয় তাৰ প্ৰতি দৃষ্টি দিবলৈ সমিতিয়ে অনুৰোধ জনায় ৷
