ডিব্ৰুগড়ত বিহুৱা–বিহুৱতীক সম্বৰ্ধনা–মাননি প্ৰদান মুখ্যমন্ত্ৰীৰ



 দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ মানকটা ফিল্ডত আয়োজিত এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত বিহুনৃত্যৰ প্ৰদৰ্শনৰ জৰিয়তে বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হোৱা বিহুৱা-বিহুৱতী, ওজা আৰু প্ৰশিক্ষকসকললৈ কৃতজ্ঞতাৰ চিনস্বৰূপে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰমাণপত্ৰ আৰু ২৫ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে।

বিহুক বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশাল বিহুনৃত্য কাৰ্যসূচীয়ে ৰাজ্যৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক নৱজাগৰণৰ উন্মেষ ঘটাবলৈ সক্ষম হোৱা বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই কাৰ্য ইমান সহজ নাছিল। বিহুৱা-বিহুৱতী তথা সকলোৰে অশেষ শ্ৰম আৰু ত্যাগৰ বাবে এই অনুষ্ঠান সম্ভৱ হৈছিল। মুখ্যমন্ত্ৰীয়ে এই কথাটো সন্তুষ্টি প্ৰকাশ কৰে যে প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত হোৱা এই অনুষ্ঠানত ষ্টেডিয়াম জনতাৰে পৰিপূৰ্ণ আছিল।


মুখ্যমন্ত্ৰীয়ে বিহু প্ৰদৰ্শনৰ বিষয়ে থকা তেওঁৰ এটা ইচ্ছাৰ কথা প্ৰকাশ কৰি কয় যে প্ৰায় ২৫ হাজাৰ বিহুৱা-বিহুৱতীক লৈ দিল্লীত এটা অনুষ্ঠান কৰাৰ ইচ্ছা আছে। এই দিশত তেওঁ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকো চিন্তা কৰিবলৈ আহ্বান জনায়। সেয়া ২০২৬ চনৰ ভিতৰত বাস্তৱায়ন কৰাৰ আগ্ৰহৰ কথা তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বিহু এনে এক স্তৰলৈ উন্নীত হ’ব লাগে যাতে দেশৰ অন্য ৰাজ্যয়ো বিহু শিকিবলৈ ইচ্ছা প্ৰকাশ কৰে।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰণজিৎ কুমাৰ দাস আৰু শ্ৰীবিমল বড়াৰ লগতে বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা, পোনাকন বৰুৱা, চক্ৰধৰ গগৈ আৰু টেৰছ গোৱালাও উপস্থিত থাকে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিহুৰ বিশ্ব ৰেকৰ্ডৰ নাচনী-ঢুলীয়াক মানপত্ৰ আৰু মাননি প্ৰদান কৰে। নাচনী-ঢুলীয়াক মানপত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান আজি ৰাজ্যৰ ১২খন জিলাত সমাপণ কৰা হয়। হাইলাকান্দি, কৰিমগঞ্জ, দঃ শালমাৰা, কোকৰাঝাৰ, ওদালগুৰি, মৰিগাঁও, চৰাইদেউ, কামৰূপ, নগাঁও, গোৱালপাৰা, শিৱসাগৰত নাচনী-ঢুলীয়াক মাননি প্ৰদানৰ লগতে ৩৮৩ গৰাকী ওজা-প্ৰশিক্ষকক দিয়া হয় সন্মান–পত্ৰ।আনহাতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ সময়ত সাংবাদিকৰে হোৱা মত বিনিময়ত পলাতক OC বিমান ৰয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে বিমান ৰয় কিমান দিন পলাই থাকিব, ধৰা পৰিবই। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ভাষা আৰু জাতিটো সুৰক্ষিত কৰাৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বুলি উল্লেখ কৰি আৱেগক লৈ কাম কৰিলে নহ’ব বুলি প্ৰকাশ কৰে। সংঘৰ্ষজৰ্জৰ মণিপুৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়– মণিপুৰৰ পৰিস্থিতি পূৰ্বতকৈ ভাললৈ আহিছে। মণিপুৰক লৈ কেন্দ্ৰত বিশেষ বৈঠক হৈছে।

Post a Comment

Previous Post Next Post