ৰাজহ সংগ্ৰহত নামিছে চৰকাৰ ৷ অধিক ৰাজহ সংগ্ৰহৰ বাবে চৰকাৰে বৃদ্ধি কৰিছে সুৰাৰ দাম ৷ ৰাজহ সংগ্ৰহৰ বাহিৰে ইয়াত আৰু অন্য কথা নাই ৷ মন্তব্য জুবিন গাৰ্গৰ ৷ ৰাজহ অধিক প্ৰয়োজন হ’লে বৃদ্ধি কৰে সুৰাৰ দাম ৷ কিয়নো সুৰাত অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সহজ ৷ ইপিনে শ্বপিং মলত এঘন্টা অধিক সময় বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰয়া জুবিন গাৰ্গৰ ৷ ৰাজহ সংগ্ৰহৰ বাবে এই সকলো কাম চৰকাৰৰ ৷ চৰকাৰক এতিয়া মাথোন টকা লাগে ৷
৫ জুলাইত বিদেশলৈ যাব জুবিন গাৰ্গ ৷ সেয়ে এতিয়া যিমান পাৰে সিমান থিয়েটাৰৰ গান ৰেকৰ্ডিঙত ব্যস্ত জুবিন ৷ বিভিন্ন বিষয়ৰ মাজতে জুবিন গাৰ্গে নতুন ছবিৰ পৰিকল্পনা সন্দৰ্ভতো কলে জুবিন গাৰ্গে ৷ নিজৰ ছবিৰ স্ক্ৰীপ্ট লিখাৰ কাম চলি আছে ৷ নৱেম্বৰৰ পৰা আৰম্ভ হব ছবিৰ কাম ৷ গৰমত কাম কৰিব অসুবিধা ৷ সেয়ে ঠাণ্ডা সময়লৈ অপেক্ষা কৰিছো ৷ নৱেম্বৰৰ পৰা আৰম্ভ হব ছবিৰ ছুটিঙৰ কাম ৷ নতুন ছবি দৃশ্য সংগ্ৰহ লণ্ডনত হব ৷ মন্তব্য জুবিন গাৰ্গৰ ৷ ইপিনে ৰাজ্য চৰকাৰে অসমৰ চুকে কোণে বিহুকে ধৰি ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত আদি অনুষ্ঠিত কৰিব লগা কাৰ্যক প্ৰশংসা জুবিন গাৰ্গৰ ৷
