ৰাজনীতিৰ ট্ৰেণ্ডত তিনি গগৈ, তিনি গগৈ নামিছে উজনি দখলত !


 

শুকুৰবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ শিৱসাগৰত এক হ’ল অখিল গগৈ, গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ ৷ এই তিনি গগৈ এক হোৱাক লৈ সৰৱ হৈছে এতিয়া শাসকীয় বিজেপি ৷ গৌৰৱ গগৈক প্ৰস্তাৱিত কাজিৰঙাতে নিৰ্বাচন খেলাৰ প্ৰত্যাহ্বান জনাইছে ভৱেশ কলিতাই ৷ গগৈ ৰাজনীতিক লৈ মুখ্যমন্ত্ৰীৰো টিপ্পনী ৷ “তিনি গগৈ একত্ৰিত হোৱা, তিনি কোঁৱৰ একত্ৰিত হোৱা, এইবোৰ আমাৰ জাতিটোৰ বাবে ভাল লক্ষণ নহয়। সকলোৱে একেলগে হাত উঠাব লাগিব। পুনৰ্নিধাৰণৰ খচৰা থাকি গ’লেহে জাতিটো জীয়াই থাকিব।’ – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


বিৰোধী ঐক্য মঞ্চই শুকুৰবাৰে সমষ্টি পুনৰ্নিধাৰণৰ খচৰাৰ বিৰোধিতাৰে শিৱসাগৰত কৰিছিল হাল্লাবোল ৷ সেই প্ৰতিবাদতে লগ হৈছিল অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ ৷ সম্প্ৰতী অসমৰ ৰাজনীতিত একপ্ৰকাৰ ট্ৰেণ্ডিঙত আছে একেটা ফ্ৰেমত থকা তিনি গগৈ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক ঢাল হিচাপে লৈ উজনি উদ্ধাৰত নমা বুলি এই তিনি গগৈক লৈ সৰৱ বিজেপি ৷ বিৰোধীৰ ঐক্যত অকল এই তিনি গগৈয়েহে প্ৰাধান্য পালে বুলি কৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনলৈ হেনো বেয়াই লাগিছে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ৷ “প্ৰতিবাদত ডাঙৰ ডাঙৰ কংগ্ৰেছী নেতা আছিল ৷ সকলো ছাইড লাইন হৈ গ’ল ৷ অকল তিনি গগৈক লৈহে চলিছে প্ৰচাৰ ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপদলপতি ৰকীবুল হুছেইনলৈ বেয়াহে লাগিছে ৷” -মন্ত্ৰী পীয়ূষ হাজৰিকা


এই তিনি গগৈক লৈ আক্ৰমণাত্মক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও ৷ কলিতাৰ মতে তিনি গগৈৰ"গৌৰৱ গগৈ পৰাজিত হ’ব প্ৰস্তাৱিত কাজিৰঙাত ৷ বিধানসভাত শিৱসাগৰত পৰাজিত হ’ব অখিল গগৈ ৷ সমষ্টিয়েই নাই লুৰীণজ্যোতি গগৈৰ ৷” লগতে ভৱেশ কলিতাৰ প্ৰত্যাহ্বান কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক ৷ গৌৰৱ গগৈয়ে নগাঁৱলৈ নাহি জয়ী হৈ দেখুৱাওক কাজিৰঙাতে ৷ একে উশাহতে ভৱেশ কলিতাৰ দাবী গগৈ সকল হেনো আছে বিজেপিৰ লগতহে ৷ প্ৰত্যাহ্বান এনেকৈয়ে উৰ্ধবাহুৰে জনাইছে বিজেপিয়ে ৷ এই প্ৰত্যাহ্বান এতিয়া গ্ৰহণ কৰে নে নাই গৌৰৱ গগৈয়ে সেয়া হ’ব লক্ষণীয় ৷ ইফালে এই তিনি গগৈয়ে ৰাজনীতিত ট্ৰেণ্ড অনাত সফল হোৱাৰ পিছত উজনিৰ ভোটত কিদৰে প্ৰভাৱ পেলাই সেয়াও হ’ব লক্ষণীয় ৷

Post a Comment

Previous Post Next Post