ৰূপ সলনি হ’ব গুৱাহাটীবাসীৰ আপোন দীঘলীপুখুৰীৰ। আগন্তুক ১৫ বছৰৰ বাবে ঐতিহাসিক দীঘলীপুখুৰীক পৰ্যটন বিভাগে গতালে গুজৰাটৰ ব্যক্তিগত প্ৰতিষ্ঠানক। থলুৱাক বঞ্চনা কৰি বহিৰাগতক আদৰণি। ৰাজহুৱা সম্পদৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত।
গুজৰাটৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতালে ঐতিহাসিক দীঘলীপুখুৰী। গোপনে সম্পন্ন হ’ল নিবিদা প্ৰক্ৰিয়া। ১৫ বছৰৰ বাবে ব্যক্তিগত কোম্পানীৰ দায়িত্বত থাকিব দীঘলী পুখুৰী। গুৱাহাটীৰ মাজমজিয়াত থকা দীঘলীপুখুৰীক গুজৰাটৰ ব্যৱসায়ীৰ হাতত গতাইছে চৰকাৰে।গুজৰাট আহমেদাবাদৰ ECHT Conglomerate Pv.ltd নামৰ এটা প্ৰতিষ্ঠানক ১৫ বছৰৰ বাবে গতাই দিছে চৰকাৰে। দীঘলীপুখুৰীৰ পাৰত থকা উদ্যান,ৰেষ্টুৰেণ্ট আদি সকলো চোৱা-চিতাৰ দায়িত্ব অৰ্পন কৰা হৈছে প্ৰতিষ্ঠানটোক। ইতিমধ্যে ৩০ লাখ ১২ হাজাৰ টকাৰ অগ্ৰিম ধন প্ৰতিষ্ঠানটোৱে জমা দিছে পৰ্যটন বিভাগক। অতি গোপনে কেৱল দুটা প্ৰতিষ্ঠানৰ মাজত ২০২২ চনৰ ২৩ মে’ত নিবিদা প্ৰক্ৰিয়া সম্পন্ন হৈছিল। RTIৰ তথ্যত প্ৰকাশ পাইছে এই সকলো কথা। ইতিমধ্যে ২ মে’ৰ পৰা দীঘলীপুখুৰীৰ সম্পূৰ্ণ দায়িত্ব লৈছে গুজৰাটৰ প্ৰতিষ্ঠানটোৱে। দায়িত্ব লৈয়ে বৃদ্ধি কৰিলে প্ৰৱেশ মূল্য। প্ৰৱেশ মূল্য বৃদ্ধি কৰিলে পূৰ্বৰ তুলনাত। ২০ টকা হ’ল টিকটৰ হাৰ। এইখন চৰকাৰৰ দিনত এপদ এপদকৈ সম্পদ বহিৰাগত প্ৰতিষ্ঠানক গতাই দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে। অসমৰ সম্পদ চোৱা-চিতা কৰিবলৈ থলুৱাক বঞ্চিত কৰি গুজৰাটৰ প্ৰতিষ্ঠানক কিয় ৰঙা দলিচা পাৰি দিলে তাক লৈ প্ৰশ্ন বহুতৰে মনত।
