গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখ গঢ়া বিহুনৃত্য পৰিৱেশনৰ কাৰ্যসূচীত বঙাইগাঁও জিলাক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীসকলক আজি আনুষ্ঠানিক ভাৱে ২৫ হাজাৰ টকাৰ মাননি আৰু প্ৰমাণ-পত্ৰ বিতৰণ প্ৰক্ৰিয়া শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
বঙাইগাঁও জিলা পুথিভঁৰালত শুক্ৰবাৰে দুপৰীয়া আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ১০৫ গৰাকী বিহুনৃত্য শিল্পীক প্ৰমাণ পত্ৰ প্ৰদান কৰে। তদুপৰি, এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সাক্ষাততে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ পদ্ধতিৰ জড়িয়তে বঙাইগাঁও জিলাৰ বিহুৱা-বিহুৱতীসকলৰ বেঙ্ক একাউন্টলৈ ২৫০০০ টকাকৈ মাননী প্ৰেৰণ কৰা হয়। অনুষ্ঠানত মন্ত্ৰী মহন্তই কয়, ‘আমাৰ প্ৰতিখন জিলাৰে বিহুৱা-বিহুৱতীসকলে অতি সুশৃংখলিত আৰু সুন্দৰ ভাৱে বিহুনৃত্য প্ৰদৰ্শন কৰি বিহুক বিশ্ব-প্ৰেক্ষাপটলৈ নিয়াৰ ক্ষেত্ৰত যি অৰিহণা যোগালে, সেয়া গৌৰৱৰ বিষয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণ চিন্তাৰ আধাৰত হোৱা এই কাৰ্যসূচীৰ জড়িয়তে বিহুনৃত্য বিশ্বজুৰি সমাদৃত হ’ল।’ মন্ত্ৰীগৰাকীয়ে বিহুৱা-বিহুৱতীসকলক বিহুনৃত্যৰ সাধনা আগলৈও অব্যাহত ৰাখি অসমৰ কৃষ্টি আৰু সংস্কৃতিৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদীপ পাঠক, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন, অধ্যক্ষ হিতেশ্বৰ বৰ্মন, বিশিষ্ট সমাজকৰ্মী হিমানী অধিকাৰীও উপস্থিত থাকে।
উল্লেখ্য যে যোৱা ১৩ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত একেলগে ১১ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে বিহুনৃত্য প্ৰদৰ্শন কৰি একেখন বাকৰিত সৰ্ববৃহৎ বিহুনৃত্য প্ৰদৰ্শনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ বিশ্ব অভিলেখ ৰচনাত অংশগ্ৰহণকাৰী শিল্পীসকলক সন্মানিত কৰি ৰাজ্য চৰকাৰে আজি আৰু কাইলৈ বিভিন্ন জিলাত একোগৰাকীকৈ মন্ত্ৰীৰ উপস্থিতিত ২৫ হাজাৰকৈ এককালীন মাননি আৰু প্ৰমাণপত্ৰ উপহাৰ হিচাপে প্ৰদান কৰিছে।
