বিলাসীপাৰা মহকুমা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়। ৪ দুৰ্ধৰ্ষ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। ২০০৫ চনত চাপৰৰ ডাউৱাগুৰি গাঁৱত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড। গাঁওখনৰ জনাব আলী নামৰ লোকজনক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল।চাৰি দুৰ্বৃত্তই ২০০৫ চনৰ ৯ জুলাইৰ নিশা ২.৩০ বজাত হত্যা কৰিছিল জনাব আলীক।
এই হত্যাকাণ্ডৰ গোচৰত ৰমজান আলী, কোৰান আলী, ইয়াছিন আলী আৰু উমৰ আলীক আদালতে যাৱজ্জীবন কাৰাদণ্ড বিহে।জনাব আলীৰ লোমহৰ্ষক হত্যাকাণ্ডক লৈ চাপৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৮,৩০২,৩২৩ আৰু ৩৪ নং ধাৰাত ১২৬/২০০৫ নং গোচৰ ৰুজু হৈছিল।
আজি মহকুমা সত্ৰ ন্যায়াধীশ আদালতৰ Session Case No 211/11 ধাৰাত ৪ দুধৰ্ষ অপৰাধীক আজীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। সুদীৰ্ঘ ১৮ বছৰ পিছত ন্যায়ালয়ে ন্যায় দিয়াৰ পিছত ন্যায় ব্যবস্থাক ধন্যবাদ ভুক্তভোগী পৰিয়াল আৰু আত্মীয়ৰ।
